Our Messages in Assamese | অসমীয়া

শিশুৱে শিকিব আৰু সমভাগী হ’ব লগা 100টা স্বাস্থ্য বাৰ্তা হৈছে 8-14 বছৰ বয়সীয়া শিশুক লক্ষ্য কৰা সহজ, বিশ্বাসযোগ্য স্বাস্থ্য শিক্ষাৰ বাৰ্তা। সেইকাৰণে 10-14 বছৰ বয়সৰ শিশুক ইয়াত সামৰি লোৱা হৈছে। আমি অনুভৱ কৰো যে 10-14 বছৰ বয়সৰ কিশোৰসকল অৱগত হোৱাটো নিশ্চিত কৰাটো বিশেষভাৱে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কাৰণ এই বয়সৰ সকলে নিজ পৰিয়ালৰ শিশুৰ প্ৰতি প্ৰায়েই দায়িত্বশীল হয়। এইদৰে পৰিয়ালক সহায়ৰ কাৰণে তেওঁলোকে কৰা কামক স্বীকৃতি দিয়া আৰু প্ৰশংসা কৰাটোও গুৰুত্বপূৰ্ণ।এই 100 বাৰ্তা 10 টা স্বাস্থ্য বিষয়ৰ প্ৰতিটোৰে 10টাকৈ বাৰ্তাৰে গঠিত: মেলেৰিয়া, ডায়েৰিয়া, পুষ্টি, কাঁহ, পানীলগা আৰু জ্বৰ, আন্ত্ৰিক পেলু, পানী আৰু অনাময়, টীকাকৰণ. এইছ আই ভি আৰু এইডছ আৰু দূৰ্ঘটনা, আঘাট আৰু আগতীয়া শিশুৱস্থা বিকাশ। সহজ স্বাস্থ্য বাৰ্তাবোৰ অভিভাৱক আৰু স্বাস্থ্যবিষয়ৰ শিক্ষকসকলে ঘৰ, বিদ্যালয়, ক্লাৱ আৰু ক্লিনিকত শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণে।

এই স্বাস্থ্য বাৰ্তাসমূহ স্বাস্থ্য শিক্ষাবিদ আৰু স্বাস্থ্য বিশেষজ্ঞৰ দ্বাৰা বিকাশ তথা পৰ্যালোচনা কৰা হৈছে। এইবোৰৰ অনুবাদ তথা অভিযোজিত কৰা হৈছে যাতে স্বাস্থ্য বাৰ্তা একে শুদ্ধহৈ থাকে। এই স্বাস্থ্য-বাৰ্তাসমূহ যাতে নিৰ্ভুল আৰু শেহতীয়া তথ্য-জ্ঞানেৰে উপযোগী কৰি তোলা হয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা হৈছে। স্বাস্থ্য শিক্ষাবিদসকলে এই স্বাস্থ্য বাৰ্তাবোৰ তেওঁলোকৰ শ্ৰেণীকোঠাত, আৰু প্ৰজেক্টত স্বাস্থ্য কাৰ্যক্ৰম গঠন আৰু সুস্থ আলোচনা তথা অন্য কাৰ্যক্ৰমক উত্সাহিত কৰাৰ বাবে ব্যৱহাৰ কৰে।

উদাহৰণ স্বৰূপে, হাত-ধোৱাৰ বিষয়ে এটা বাৰ্তা শিকাৰ পাছত, শিশুহঁতে ইটোৱে সিটোক বা পৰিয়ালৰ বিভিন্নজনক সুধিব পাৰেঃ আমাৰ পৰিয়ালটোৰ লোকসকলে বা আমাৰ সমাজৰ মানুহে ভালকৈ হাত ধোৱাৰ ক্ষেত্ৰ অসুবিধা পোৱাৰ কাৰণ কি?’শিশুসকলে এই বিষয়টোলৈ কথা-বতৰা পাতি এটা সিদ্ধান্তলৈ আহি সমস্যাটোৰ এটা সমাধান উলিয়াব পাৰে আৰু এইদৰে পৰিবৰ্তনৰ এজেন্ট হ’ব, স্বাস্থ্য বাৰ্তা শিকাৰ তলত গুৰুত্ব আছে। এইবাৰ্তাটো দৰাচলতে আলোচনা আৰু কাৰ্যকৰাৰ বাবে এখন দুৱাৰ মুখ সদৃশ্য।

অভিভাৱক বা শিক্ষকসকলে এই স্বাস্থ্য-বাৰ্তাসমূহ মনত ৰাখিবলৈ শিশুসকলক পৰামৰ্শ দিব পাৰে। অথবা শিশুসকলেও প্ৰতিটো স্বাস্থ্য-বাৰ্তা কাৰ্যক্ষম কৰি তুলিবলৈ কৌশল অৱলম্বন কৰিব পাৰে যাতে এই বাৰ্তা সহজে তেওঁলোকৰ মনত থাকে। সৰু সৰু পুৰস্কাৰৰ ব্যৱস্থা কৰিও শিশুসকলক শিকিবলৈ আৰু এটা স্বাস্থ্যবাৰ্তা ইজনে সিজনৰ মাজত সমভাগী কৰিব পাৰি। উদাহৰণ স্বৰূপে, এডাল ফিতা বা ৰঙীনফুলাম কাপোৰ আদি পুৰস্কাৰ হিচাপে দিবপৰা যায়। শিশুহঁতে এইবোৰ লাখুটি এডালত বান্ধি ‘ৰামধেনু-দণ্ড'(Rainbow Stick) সাজি আনন্দ লাভ কৰি তেওঁলোকে শিক্ষালাভ কৰা আৰু সমভাগীহোৱা স্বাস্থ্য বাৰ্তাসমূহ দেখুৱাব পাৰে।

শিশুৱে শিকিব আৰু সমভাগী হ’ব লগা 100টা স্বাস্থ্য বাৰ্তাবোৰ তৈয়াৰ কৰি উলিয়াইছে যুক্তৰাজ্যৰ কেম্ব্ৰিজ স্থিত ‘স্বাস্থ্যৰ বাবে শিশু’ নামৰ এটা অলাভজনক চৰকাৰী প্ৰতিষ্ঠানে। ‘স্বাস্থ্যৰ বাবে শিশু নামৰ এই প্ৰতিষ্ঠানটোৱে স্বাস্থ্য-শিক্ষাৰ সহযোগী প্ৰতিষ্ঠানৰ লগত সমগ্ৰ পৃথিৱীতে কাম কৰি আছে।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: orbhealth.com ত উপলব্ধ।

  1. শিশুৰ যত্ন
  2. কাঁহ, পানীলগা আৰু জ্বৰ
  3. অসংক্ৰাম্যকৰণ বা টীকাকৰণ
  4. মেলেৰিয়া।
  5. ডায়েৰিয়া
  6. পানী আৰু অনাময়
  7. পুষ্টিসাধন
  8. পাকস্থলীৰ পেলু বা কৃমি
  9. দুৰ্ঘটনা আৰু আঘাটৰ পৰা বচাই ৰখা।
  10. এইচ আই ভি (‌HIV) আৰু এইডছ (AIDS)