শিশুৱে শিকিব আৰু সমভাগী হ’ব লগা 100টা স্বাস্থ্য বাৰ্তা হৈছে 8-14 বছৰ বয়সীয়া শিশুক লক্ষ্য কৰা সহজ, বিশ্বাসযোগ্য স্বাস্থ্য শিক্ষাৰ বাৰ্তা। সেইকাৰণে 10-14 বছৰ বয়সৰ শিশুক ইয়াত সামৰি লোৱা হৈছে। আমি অনুভৱ কৰো যে 10-14 বছৰ বয়সৰ কিশোৰসকল অৱগত হোৱাটো নিশ্চিত কৰাটো বিশেষভাৱে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কাৰণ এই বয়সৰসকলে নিজ পৰিয়ালৰ শিশুৰ প্ৰতি প্ৰায়েই দায়িত্বশীল হয়। এইদৰে পৰিয়ালক সহায়ৰ কাৰণে তেওঁলোকে কৰা কামক স্বীকৃতি দিয়া আৰু প্ৰশংসা কৰাটোও গুৰুত্বপূৰ্ণ।

এই 100 বাৰ্তা 10 টা স্বাস্থ্য বিষয়ৰ প্ৰতিটোৰে 10টাকৈ বাৰ্তাৰে গঠিত: মেলেৰিয়া, ডায়েৰিয়া, পুষ্টি, কাঁহ, পানীলগা আৰু জ্বৰ, আন্ত্ৰিক পেলু, পানী আৰু অনাময়, টীকাকৰণ. এইছ আই ভি আৰু এইডছ আৰু দূৰ্ঘটনা, আঘাট আৰু আগতীয়া শিশুৱস্থা বিকাশ। সহজ স্বাস্থ্য বাৰ্তাবোৰ অভিভাৱক আৰু স্বাস্থ্যবিষয়ৰ শিক্ষকসকলে ঘৰ, বিদ্যালয়, ক্লাৱ আৰু ক্লিনিকত শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণে।

ইয়াত দহটা বাৰ্তা দিয়া হৈছে বিষয় বস্তু ৫: ডায়েৰিয়া

  1. ডায়েৰিয়া পনীয়া পায়খানা হোৱা অসুখ, দিনে 3 বাৰতকৈ অধিক হয়।
  2. দুষিত আহাৰ, বা পানী, লেতেৰা হাত, চামোচ বা কাণ আদি মুখত দিয়াতবিজাণু সংক্ৰামিত হব পাৰে।
  3. পানী আৰু লৱণ শৰীৰৰ পৰা ওলাই গৈ শৰীৰ দুৰ্ৱল কৰে। যদিহে পানী খোৱা নহয় ডায়েৰিয়াত সৰু লৰা-ছোৱালীৰ মৃত্যু পৰ্যন্ত হব পাৰে।
  4. অতিৰিক্ত পৰিষ্কাৰ পানী, নাৰিকলৰপানী বা ভাতৰপানী খোৱাই ডায়েৰিয়া বাধা দিব পাৰি। কেঁচুৱাৰ কাৰণে মাকৰ গাখীৰ সৰ্বোকৃষ্ট।
  5. ডায়েৰিয়াত ভোগা এটা শিশুৰশুকান মুখ আৰু জিভা, সোমাই যোৱা চকু কিন্তু চকুৰ পানী নোলায়, কোমল চাল আৰু হাত-ভৰি ঠাণ্ডা পৰি যায়। শিশুৰ মুৰত সোমাই যোৱা এটা মিহি সৰু দাগ হব পাৰে।
  6. শিশুৱে পাচঁ বাৰতকৈ বেছি পায়খানা কৰিলে বা শৌচত তেজ গলে, বা বমি কৰিলে স্বাস্থ্য কৰ্মীক নিশ্চিত ভাৱে দেখুৱাব লাগে।
  7. অ’আৰএছ (ORS) অৰ্থাত্ অৰেল ৰিহাইদ্ৰেচন ছলিওচন ক্লিনিক বা দোকানত পায়। ইযাক বিশুদ্ধ পানীৰ লগত উপযুক্তভাৱে মিশ্ৰণ কৰি ডায়েৰিয়াত ব্যৱহাৰ কৰিব পাৰি।
  8. প্ৰায়বিলাক ডায়েৰিয়াৰ দৰৱেই কাম নকৰে, কিন্তু জিংক পিলে ছয় মাহতকৈ বেছি বয়সৰ শিশুৰ ডায়েৰিয়া বন্ধ কৰিব পাৰে। অ’আৰএছ মিহলি পানী দিব লাগিবই।
  9. ডায়েৰিয়া হোৱা লৰা-ছোৱালীক সুস্বাদু আহাৰ দিব লাগে যাতে সিহঁতৰ শৰীৰে শক্তি পায়।
  10. গাখীৰ খোৱা শিশু, পৰিষ্কাৰপ ৰিচন্নতা মানি চলি, টিকা কৰণৰ দ্বাৰা আৰু আহাৰ বিশুদ্ধ ভাৱে তৈয়াৰ কৰি ডায়েৰিয়াৰ পৰা বাচি থাকিব পাৰি।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

ডায়েৰিয়া : শিশুৱে কি কৰিব পাৰে ?

  • ডায়েৰিয়া সম্পৰ্কে আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • এখন সাধাৰণ মাখি ধৰা ফান্দ(চিটিকা) সাজক যাতে আমাৰ আহাৰত বীজাণু বিয়পোৱাত বাধা দিব পাৰি।
  • ডায়েৰিয়াৰ বিপদজনক সংকেট বিলাক প্ৰদৰ্শন কৰি পোষ্টাৰ তৈয়াৰ কৰক।
  • এখন চুটি নাটক প্ৰস্তুত কৰক আমি কেতিয়া স্বাস্থ্য কৰ্মীক সহায়ৰবাবে মাতিব লাগে।
  • সাপ আৰু জখলাৰ এটা খেলা প্ৰস্তুত কৰক যাতে আমি ডায়েৰিয়া কনকৈ বাধা দিব পাৰি শিকিব পাৰো।
  • ঘৰ আৰু বিদ্যালয়ৰ কাৰণে প্ৰাথমিক চিকিত্সা বাকচ তৈয়াৰ কৰা য’ত অ’আৰ এছ থাকিব।
  • দুগৰাকী মাতৃৰ চৰিত্ৰ ৰুপায়ণ কৰি শিশুক ডায়েৰিয়াৰ পৰা কেনেকৈ ভাল কৰিব পাৰি দেখুৱাব।
  • ডায়েৰিয়া হোৱা এটি শিশুৰ শৰীৰৰ পানী কমি যোৱাৰ লক্ষণ আমি কেনেকৈ জানিব পাৰো এই সম্পৰ্কে পৰীক্ষা কৰিবলৈ এটা খেল প্ৰস্তুত কৰা।
  • এজোপা গছক বাঢ়িবলৈ কিমান পানী লাগে আৰু পানী নহলে কি হয় লক্ষ্য কৰক।
  • আমাক নিজকে আৰু আমাৰ বাসস্থান পৰিষ্কাৰ ৰাখি ডায়েৰিয়া হোৱাৰ পৰা ৰক্ষা কৰক।
  • হেণ্ডচেকিং খেলা খেলি কিমান খৰকৈ বীজাণু সংক্ৰমণ হ’ব পাৰে পৰীক্ষা কৰক।
  • সোধক আমাক মাতৃয়ে কিমান দিনলৈ দুগ্ধপান কৰাইছিল? অ’আৰএছ(ORS) আৰু জিংকৰে আমি ঘৰত কেনেকৈ ডায়েৰিয়াৰ চিকিত্সা কৰো? আমি এজন স্বাস্থ্যকৰ্মীৰ সহায় লবলৈ কি বিপদজনক লক্ষণ দেখা পাব লাগে? কি পানীয় ডায়েৰিয়াৰ কাৰণে উপকাৰী? সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি আমি কেনেকৈ বিশুদ্ধ খোৱা পানী তৈয়াৰ কৰিব পাৰো? যেতিয়া অ’আৰএছ (ORS) নাথাকে কি পানী উপকাৰী? গ্ৰহণী আৰু কলেৰা কি? ই কেনেকৈ বিয়পে?

মাখি ধৰা, হেণ্ড চেকিং খেলা বা সূৰ্যৰ পোহৰত শোধিত পানী বা অন্য কোনো বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

অসমীয়া Home