↓ Skip to Main Content

clare@childrenforhealth.org

Free Resources

Search
Close
  • Home
    • About Us
    • Work With Us
    • Meet the Team
    • Contact Us
  • Resources
  • 100 Messages
    • Caring for Babies & Young Children
    • Coughs, Colds & Pneumonia
    • Immunisation
    • Malaria
    • Diarrhoea
    • Water, Sanitation & Hygiene
    • Nutrition
    • Intestinal Worms
    • Accidents & Preventing Injuries
    • HIV & AIDS
    • In Many Languages
    • Other Health Messages
    • How We Create Our Messages
  • How We Work
  • Links
  • LifeSkills
  • News & Blog
  • Donate
Menu
  • Home
    • About Us
    • Work With Us
    • Meet the Team
    • Contact Us
  • Resources
  • 100 Messages
    • Caring for Babies & Young Children
    • Coughs, Colds & Pneumonia
    • Immunisation
    • Malaria
    • Diarrhoea
    • Water, Sanitation & Hygiene
    • Nutrition
    • Intestinal Worms
    • Accidents & Preventing Injuries
    • HIV & AIDS
    • In Many Languages
    • Other Health Messages
    • How We Create Our Messages
  • How We Work
  • Links
  • LifeSkills
  • News & Blog
  • Donate

Our Messages in Assamese | অসমীয়া

Home
1
2
3
4
5
6
7
8
9
10
Home

শিশুৱে শিকিব আৰু সমভাগী হ’ব লগা 100টা স্বাস্থ্য বাৰ্তা হৈছে 8-14 বছৰ বয়সীয়া শিশুক লক্ষ্য কৰা সহজ, বিশ্বাসযোগ্য স্বাস্থ্য শিক্ষাৰ বাৰ্তা। সেইকাৰণে 10-14 বছৰ বয়সৰ শিশুক ইয়াত সামৰি লোৱা হৈছে। আমি অনুভৱ কৰো যে 10-14 বছৰ বয়সৰ কিশোৰসকল অৱগত হোৱাটো নিশ্চিত কৰাটো বিশেষভাৱে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কাৰণ এই বয়সৰ সকলে নিজ পৰিয়ালৰ শিশুৰ প্ৰতি প্ৰায়েই দায়িত্বশীল হয়। এইদৰে পৰিয়ালক সহায়ৰ কাৰণে তেওঁলোকে কৰা কামক স্বীকৃতি দিয়া আৰু প্ৰশংসা কৰাটোও গুৰুত্বপূৰ্ণ।এই 100 বাৰ্তা 10 টা স্বাস্থ্য বিষয়ৰ প্ৰতিটোৰে 10টাকৈ বাৰ্তাৰে গঠিত: মেলেৰিয়া, ডায়েৰিয়া, পুষ্টি, কাঁহ, পানীলগা আৰু জ্বৰ, আন্ত্ৰিক পেলু, পানী আৰু অনাময়, টীকাকৰণ. এইছ আই ভি আৰু এইডছ আৰু দূৰ্ঘটনা, আঘাট আৰু আগতীয়া শিশুৱস্থা বিকাশ। সহজ স্বাস্থ্য বাৰ্তাবোৰ অভিভাৱক আৰু স্বাস্থ্যবিষয়ৰ শিক্ষকসকলে ঘৰ, বিদ্যালয়, ক্লাৱ আৰু ক্লিনিকত শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণে।

এই স্বাস্থ্য বাৰ্তাসমূহ স্বাস্থ্য শিক্ষাবিদ আৰু স্বাস্থ্য বিশেষজ্ঞৰ দ্বাৰা বিকাশ তথা পৰ্যালোচনা কৰা হৈছে। এইবোৰৰ অনুবাদ তথা অভিযোজিত কৰা হৈছে যাতে স্বাস্থ্য বাৰ্তা একে শুদ্ধহৈ থাকে। এই স্বাস্থ্য-বাৰ্তাসমূহ যাতে নিৰ্ভুল আৰু শেহতীয়া তথ্য-জ্ঞানেৰে উপযোগী কৰি তোলা হয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা হৈছে। স্বাস্থ্য শিক্ষাবিদসকলে এই স্বাস্থ্য বাৰ্তাবোৰ তেওঁলোকৰ শ্ৰেণীকোঠাত, আৰু প্ৰজেক্টত স্বাস্থ্য কাৰ্যক্ৰম গঠন আৰু সুস্থ আলোচনা তথা অন্য কাৰ্যক্ৰমক উত্সাহিত কৰাৰ বাবে ব্যৱহাৰ কৰে।

উদাহৰণ স্বৰূপে, হাত-ধোৱাৰ বিষয়ে এটা বাৰ্তা শিকাৰ পাছত, শিশুহঁতে ইটোৱে সিটোক বা পৰিয়ালৰ বিভিন্নজনক সুধিব পাৰেঃ আমাৰ পৰিয়ালটোৰ লোকসকলে বা আমাৰ সমাজৰ মানুহে ভালকৈ হাত ধোৱাৰ ক্ষেত্ৰ অসুবিধা পোৱাৰ কাৰণ কি?’শিশুসকলে এই বিষয়টোলৈ কথা-বতৰা পাতি এটা সিদ্ধান্তলৈ আহি সমস্যাটোৰ এটা সমাধান উলিয়াব পাৰে আৰু এইদৰে পৰিবৰ্তনৰ এজেন্ট হ’ব, স্বাস্থ্য বাৰ্তা শিকাৰ তলত গুৰুত্ব আছে। এইবাৰ্তাটো দৰাচলতে আলোচনা আৰু কাৰ্যকৰাৰ বাবে এখন দুৱাৰ মুখ সদৃশ্য।

অভিভাৱক বা শিক্ষকসকলে এই স্বাস্থ্য-বাৰ্তাসমূহ মনত ৰাখিবলৈ শিশুসকলক পৰামৰ্শ দিব পাৰে। অথবা শিশুসকলেও প্ৰতিটো স্বাস্থ্য-বাৰ্তা কাৰ্যক্ষম কৰি তুলিবলৈ কৌশল অৱলম্বন কৰিব পাৰে যাতে এই বাৰ্তা সহজে তেওঁলোকৰ মনত থাকে। সৰু সৰু পুৰস্কাৰৰ ব্যৱস্থা কৰিও শিশুসকলক শিকিবলৈ আৰু এটা স্বাস্থ্যবাৰ্তা ইজনে সিজনৰ মাজত সমভাগী কৰিব পাৰি। উদাহৰণ স্বৰূপে, এডাল ফিতা বা ৰঙীনফুলাম কাপোৰ আদি পুৰস্কাৰ হিচাপে দিবপৰা যায়। শিশুহঁতে এইবোৰ লাখুটি এডালত বান্ধি ‘ৰামধেনু-দণ্ড'(Rainbow Stick) সাজি আনন্দ লাভ কৰি তেওঁলোকে শিক্ষালাভ কৰা আৰু সমভাগীহোৱা স্বাস্থ্য বাৰ্তাসমূহ দেখুৱাব পাৰে।

শিশুৱে শিকিব আৰু সমভাগী হ’ব লগা 100টা স্বাস্থ্য বাৰ্তাবোৰ তৈয়াৰ কৰি উলিয়াইছে যুক্তৰাজ্যৰ কেম্ব্ৰিজ স্থিত ‘স্বাস্থ্যৰ বাবে শিশু’ নামৰ এটা অলাভজনক চৰকাৰী প্ৰতিষ্ঠানে। ‘স্বাস্থ্যৰ বাবে শিশু নামৰ এই প্ৰতিষ্ঠানটোৱে স্বাস্থ্য-শিক্ষাৰ সহযোগী প্ৰতিষ্ঠানৰ লগত সমগ্ৰ পৃথিৱীতে কাম কৰি আছে।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

1

1. শিশুৰ যত্ন (Assamese, Caring for Babies & Young Children)

  1. আপুনি যিমান পাৰে শিশু আৰু কিশোৰ‌-কিশোৰীৰ লগত খেলক,অন্তঃকৰণেৰে মৰম কৰক, কথা পাতক, গাব গাওক।
  2. শিশু আৰু কিশোৰ‌-কিশোৰীৰ খং উঠি, ভয় খায় আৰু সহজে কান্দে, কাৰণ তেওঁলোকে নিজৰ অনুভৱ প্ৰকাশ কৰিব নাজানে। সেয়ে সদায় সদয় হব লাগে।
  3. বয়ঃ সন্ধি কালৰ লৰা-ছোৱালীবোৰে অতি সোণকালে খোজ কঢ়া, শব্দ কৰা, আহাৰ খোৱা আৰু পানীখোৱা আদি শিকে। সিহঁতক তদাৰক কৰিবৰ লাগে, কিন্তু সৰু সুৰা ভুল কৰিবৰ বাবে এৰিও দিব লাগে।
  4. সকলো ছোৱালী অথবা সকলো লৰা সমানেই গুৰুত্বপূৰ্ণ। সকলোকে সু-ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ অসুস্থ আৰু বিশেষভাৱে সক্ষম সকলক।
  5. উঠি অহা শিশুসকলে তেওঁলোকৰ কাষত থকা সকলক অনুসৰণ কৰে। সেয়ে নিজকে সচেতন ৰখা আৱশ্যক, সিহঁতৰ ওচৰত সু ব্যৱহাৰ আৰু সত্ পথ প্ৰদৰ্শন কৰা উচিত।
  6. যেতিয়া শিশুৱে কান্দে কিবা এটা কাৰণ থাকে (ভোক, ভয় বা কষ্ট)। কাৰণটো জানিবলৈ চেষ্টা কৰিব লাগে।
  7. সৰু লৰা-ছোৱালীক বিদ্যালয় শিক্ষা গ্ৰহণত সহায় কৰাৰ বাবে সিহঁতৰ লগত শব্দ আৰু সংখ্যাৰ খেল, চবি অঁকা, ৰং কৰা আদিত সহায় কৰিব। সিহঁতক গল্প কোৱা, গানগোৱা, নাচ আদিত সহযোগ কৰিব।
  8. এটা দলত এজন শিশুৱে কেনেকৈ থুনুক থানাক খোজ কঢ়া পৰ্য্যায় পাইছে আৰু প্ৰথম কথাকোৱা, খোজ কঢ়া আদি লিপি বদ্ধ কৰি ৰাখক।
  9. শিশু আৰু কিশোৰ বিলাকৰ পৰিষ্কাৰ পৰিচন্নতা(বিশেষকৈ হাত মুখ) বিশুদ্ধ পানী আৰু যথেষ্ট সুক্ষ্ম খাদ্য খাবলৈ দিব লাগে।
  10. শিশু আৰু কিশোৰ সকলৰ যত্ন লোৱাত গুৰুত্ব দিওঁতে আপোনাৰ নিজৰ কথাও চিন্তা কৰিব। কাৰণ আপুনিও অপৰিহাৰ্য্য।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

শিশুৰ যত্ন: শিশুৱে কি কৰিব পাৰে-

  • শিশুসকলৰ যত্ন সম্পৰ্কত আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে বাৰ্তা প্ৰস্তুত কৰক।
  • বাৰ্তাবিলাক পাহৰি নাযাবলৈ মনত ৰাখক।
  • বাৰ্তাবিলাক পৰিয়ালৰ লৰা-ছোৱালীৰ সৈতে আলোচনা কৰক।
  • লৰা-ছোৱালীক দল বিভক্ত কৰক, লৰাকছোৱালীৰ আৰু ছোৱালীক লৰাৰ খেল খেলিবলৈ দিয়ক। পাচত দলবদ্ধ আলোচনা কৰিবলৈ দিয়ক। যেনে খেলা লৰা আৰু ছোৱালীৰ বুলি ভাগ কৰাত একমত নে ? হয় নে নহয়?
  • ভাল আচৰণ আৰু বেয়া আচৰণ সম্পৰ্কত ঘৰত আৰু বিদ্যালয়ত আলোচনা কৰক আৰু কিয় ভাল বা বেয়া বুলি কোৱা হয় বাখ্যা কৰক।
  • এই বিষয়টোৰ সম্পৰ্কত প্ৰাচীৰ পত্ৰ লগাই আনক অবগত কৰক।
  • ঘৰত, বিদ্যালয়ত বা ৰাজহুৱা কেন্দ্ৰ বিলাকত পুতলা সজা, প্ৰতিযোগীতা অনুস্থিত কৰক।
  • চাবোনেৰে হাত ধোৱা, পৰিস্কাৰ পৰিচন্নতা আৰু সুক্ষ্ম আহাৰ গ্ৰহণ কৰা সম্পৰ্কীয় চবি আৰু প্ৰাচীৰ পত্ৰ তৈয়াৰ কৰি সাধাৰণ ৰোগৰ পৰা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি প্ৰদৰ্শন কৰক।
  • কিশোৰ সকলৰ সৈতে খেলি থকা ধাত্ৰী সকলকলৈ এখন চুটি নাটক প্ৰস্তুত কৰক। দুগৰাকী মাতৃৰ মাজত কথোপ কথন কৰিব- এগৰাকী মাতৃয়ে সন্তানক আবদ্ধ কৰি ৰাখিবলৈ বিচাৰে আৰু আনগৰাকীয়ে মুকলিকৈ বিচৰণ কৰাটো বিচাৰে। আকাৰ ইংগিতেৰে আৰু মুখৰ অংগীভংগীৰে প্ৰকাশ কৰাওক। অন্য শিশু সকলে যাতে অনুমান কৰে বিষয়ৰ কি অনুভৱ বা আবেগ।
  • অভিভাৱক সকলক প্ৰশ্ন কৰক শিশুৱে কিয় কান্দে বা হাঁহে আৰু লগৰীয়াসকলৰ সৈতে মত বিনিময় কৰক।
  • এটা গোটে স্থানীয়লোকৰপৰা এটা শিশু পালন কৰিবলৈ লব পাৰে। মাতৃয়ে প্ৰতিমাহে আহি শিশুটো কেনেদৰে ডাঙৰ হৈছে লক্ষ্য কৰিব পাৰিব।
  • বেমাৰ প্ৰতিৰোধ কৰিবলৈ বিশুদ্ধ খোৱাপানী সংৰক্ষণ কৰাৰ বিষয়ে এটা গীত ৰচনা কৰি ঘৰত পৰিবেশন কৰাৰ ব্যৱস্থা লওক।
  • যুৱক-যুৱতী সকলে অভিভাৱক সকলক সাক্ষাত্কাৰ গ্ৰহণ কৰিব, শিশু আৰু কিশোৰৰ যত্ন লওতে সন্মূখীন হোৱা অসুবিধা সম্পৰ্কে আৰু এই ক্ষেত্ৰত কেনেধৰণৰ সহায় লাভ কৰিছিল।
  • এজন স্বাস্থ্য কৰ্মী বা বিজ্ঞান শিক্ষকে আপোনাক ক’ব –কেনেকৈ এটি শিশুৰ মগজু বিকাশ হয়।
  • ডাঙৰ লৰা-ছোৱালী বিলাকে জেষ্ঠ সকলক গীত, কাহিনী আৰু খেলাশিকাই দিবলৈ অনুৰোধ কৰিব পাৰে আৰু শিশু সকলৰ কাৰণে গীত গাব পাৰে।
  • লৰা-ছোৱালী যি ভাৰে তাকেই প্ৰশ্ন কৰিব পাৰে। কিন্তু শিশু সকলক ৰুগমুক্ত কৰি ৰখাতো জৰুৰী।

অধিক তথ্যৰ জানিবৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

2

2. কাঁহ, পানীলগা আৰু জ্বৰ (Assamese, Coughs, Colds & Pneumonia)

  1. ৰন্ধনশালৰ ধোঁৱাই কলিজাত সোমাই অসুখ কৰিব পাৰে। বাহিৰত বা য’ত মুক্ত বায়ু চলাচল কৰে তাত ৰন্ধন ধোঁৱাৰ পৰা হাত সাৰিব পাৰি।
  2. ধপাত সেৱন কৰিলে কলিজা দুৰ্বল কৰে। আনে সেৱন কৰা ধোঁৱাও অপকাৰী।
  3. প্ৰত্যেকেই কাঁহ পানীলগাত ভোগে। বেচি ভাগেই সোনকালে ভাল পায়। যদিহে কাঁহপানীলগা 3 সপ্তাহতকৈ বেচিদিন থাকে স্বাস্থ্য কেন্দ্ৰত দেখুৱা উচিত।
  4. বেলেগ বেলেগ ধৰণৰ বিজাণু আছে, কিছুমানক বেক্টেৰিয়া আৰু কিছুমানক ভাইৰাচ বুলি কোৱা হয়। কাঁহ-জ্বৰ বিলাক ভাইৰাচৰ পৰা হয় আৰু দৰৱৰ দ্বাৰা মাৰিব নোৱাৰি।
  5. আমি শ্বাসযন্ত্ৰ অৰ্থাত্ কলিজাৰ দ্বাৰা উশাহ-নিশাহ লঁও। কাঁহ-পানী লগাই শ্বাসযন্ত্ৰ দুৰ্ৱল কৰে। নিউমোনীয়া বেক্টেৰীয়াৰ পৰা হয় আৰু দুৰ্ৱল শ্বাসযন্ত্ৰ হ’লে গুৰুত্বৰ ভাৱে অসুস্থ কৰে।
  6. নিউমোনীয়াৰ লক্ষণ হ’ল ঘন উশাহ নিশাহ। উশাহ লওতে শব্দ কৰে বুকুখন উঠা নমা কৰে। অন্য লক্ষণ বিলাক হ’ল জ্বৰ, বুকুৰ বিষ আদি।
  7. এটা কেচুঁৱাই মিনিটত 60 বাৰ বা তাতোধিক বেছিকৈ উশাহ ল’লে তত্ক্ষণাত স্বাস্থ্য কৰ্মীক দেখুৱাব লাগে। 1-5 বছৰ বয়সৰ শিশুৱে মিনিটত 2-30 বাৰ উশাহ লয়।
  8. সুক্ষ্ম আহাৰ(আৰু দুগ্ধপান কৰা শিশু), ধোঁৱা মুক্ত ঘৰ আৰু টিকাকৰণৰ দ্বাৰা নিউমোনীয়া দৰে গুৰুত্বৰ অসুখৰ পৰা বচাই ৰাখিব পাৰি।
  9. গৰম, স্বাদযুক্ত পনীয় (চ’প আৰু ফলৰ ৰসৰ দৰে), জিৰণি আৰু নাক পৰিষ্কাৰ কৰি কাঁহ পানীলগাৰ চিকিত্সা কৰিব পাৰি।
  10. এজনৰ পৰা আনজনলৈ কাঁহ-জ্বৰ, বিয়পিব নোৱাৰাকৈ ৰাখক। হাত, খোৱা বাচন-বৰ্তন পৰিষ্কাৰকৈ ৰাখক আৰু খেকাৰ কাগজত পেলাওক।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

কাঁহ, পানীলগা আৰু বেমাৰ: শিশুৱে কি কৰিব পাৰে ?

  • কাঁহ, পানীলগা আৰু অসুখৰ ওপাৰত আমাৰ নিজৰ ভাষাত বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালৰ বিলাকৰ লগত বিনিময় কৰক।
  • নিজৰ ঘৰৰ এটা নক্সা তৈয়াৰ কৰক। ক’ত ধোঁৱা যুক্ত, ক’ত ধোৱা মুক্ত। ক’ত শিশুৰ কাৰণে ধোঁৱা মুক্ত ভাৱে খেলাৰ উপযোগী।
  • বসন্ত, লাং কাঁহ আদি মাৰাত্মক বেমাৰৰ পৰা ৰক্ষা পাবলৈ টিকাকৰণ কৰাৰ ওপৰত পোষ্টাৰ বনাওক।
  • নিউমোনীয়াৰ বিষয়ে এটা গীত লিখি পৰিয়াল আৰু বন্ধুৰ লগত অংশ গ্ৰহণ কৰক।
  • এডাল ৰচী আৰু এটা শিলগুটিৰে এটা পেন্দুলাম সাজি উশাহ কেতিয়া ধনকৈ লৈছে আৰু কেতিয়া নিয়মীয়াকৈ আমাৰ পৰিয়ালক শিকাওক।
  • শিশুৰ দুগ্ধপান সম্পৰ্কীয় নাটক প্ৰযোজনা কৰক।
  • জ্বৰ ঠাণ্ডা কৰা আৰু পানীলগাত গৰম কৰা নাটক এখন প্ৰস্তুত কৰক
  • খোৱাৰ আগে পাছে আৰু টয়লেট ব্যৱহাৰ কৰৰা পিছত হাত ধুবলৈ ঘৰ আৰু বিদ্যালয় উভয়তে এটাকৈ টেপৰ ব্যৱস্থা কৰক।
  • বীজানু সংক্ৰামণ নহবলৈ আৰু নিজকে কাঁহ পানীলগাৰ পৰা বচাই ৰাখিবলৈ চাবোনেৰে হাত ধুবলৈ শিকাওক।
  • বেলেগ বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰি নিমোনীয়া বা ঠাণ্ডা লগা জ্বৰ সম্পৰ্কে জ্ঞানৰ পৰীক্ষা চাওক।
  • নিউমোনিয়াৰ বিপদজনক চিন কি ব্যাখা কৰক আৰু পৰিয়ালৰ সকলোৱে অংশগ্ৰহণ কৰক।
  • ক’ত ধুম-পান নিষেধ জনাওক। আপোনাৰ বিদ্যালয় ধুমপান মুক্ত হয়নে।
  • বাখ্যা কৰক কিয় আমাৰ উশাহ ঘন হয়। আমাৰ শ্বাস- প্ৰশ্বাস জুখিবলৈ শিকিব পাৰো যাতে কোনো এজন লোক নিউমোনীয়াত আক্ৰান্ত্ৰ হলে চিনাক্ত কৰণ কৰিব পাৰি।
  • কাঁহ-পানীলগা চিকিত্সা নতুন আৰু পুৰণা পদ্ধতি সম্পৰ্কে প্ৰশ্ন কৰক।
  • বীজানু কেনেকৈ বিয়পে সোধক। হেণ্ডচেক খেলৰ যোগেদি শিকাওক।

টিপী টেপ, পেণ্ডুলাম আৰু হেণ্ডচেক গেম, তথা অন্য কোনো তথ্যৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

3

3. অসংক্ৰাম্যকৰণ বা টীকাকৰণ (Assamese, Immunisation)

  1. বিশ্বজুৰি প্ৰতি বছৰে লক্ষ লক্ষ পিতৃ মাতৃয়ে অসংক্ৰাম্যকৰণ কৰাই তেওঁলোকৰ সন্তানৰ শক্তিশালী বিকাশ আৰু ৰোগৰ পৰা ৰক্ষা কৰাটো নিশ্চিত কৰে।
  2. এটা সংক্ৰামক ৰোগৰ ফালত তুমি যেতিয়া অসুস্থ হোৱা,এটা ক্ষুদ্ৰ, অদৃশ্য বীজাণু তোমাৰ দেহত প্ৰবেশ কৰে। এই বীজানূটোৱে অধিক বীজাণুৰ সৃষ্টি কৰে আৰু তোমাৰ দেহটোক ভালদৰে কাম কৰাত বাধা দিয়ে।
  3. তোমাৰ দেহত বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিবডিজ বুলি কোৱা বিশেষ সৈন্যৰ দৰে ৰক্ষাকৰ্তা থাকে। বীজাণুবোৰ যেতিয়া নাশ হয় এন্টিবডিবোৰ পুনৰ যুঁজৰ কাৰণে প্ৰস্তুত হৈ দেহত থাকে।
  4. অসংক্ৰাম্যকৰণে তোমাৰ শৰীৰত এণ্টিজেন ভৰাই দিয়ে(বেজীৰে বা মুখেৰে)। সেইবোৰে তোমাৰ শৰীৰটোক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সৈন্যসদৃশ এন্টিবডিজ গঠন কৰিবলৈ শিকায়।
  5. তোমাৰ শৰীৰটোক এটা ৰোগৰ পৰা ৰক্ষা কৰাৰকাৰণে পৰ্যাপ্ত এন্টিবডি গঠন কৰিবলাই কিছুমান অসংক্ৰাম্যকৰণ এবাৰতকৈ বেছি দিব লগা হয়।
  6. মৃত্যু ঘটাব পৰা আৰু কষ্ট ভোগোৱা ভয়ংকৰ ৰোগ যেনে বসন্ত, যক্ষ্মা, ঘোঁৰাশলখা, লাং কাঁহ, পলিঅ’ আৰু ধনুষ্টংকাৰ (আৰু বহুতো) অসংক্ৰাম্যকৰণৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি।
  7. তোমাৰ শৰীৰটোক সুৰক্ষা দিবলৈ তোমাক ৰোগে আক্ৰমণ কৰাৰ পূৰ্ৱেই অসংক্ৰাম্যকৰন কৰা প্ৰয়োজন।
  8. শিশুৰ প্ৰত্যক্ষভাৱে সুৰক্ষা দিবলৈ কেঁচুৱা অৱস্থাতে অসংক্ৰাম্যকৰণ কৰা হয়। যদি কেঁচুৱাই এবাৰ সুবিধা হেৰুৱাই, সিহঁতক পিছতো সংক্ৰাম্যকৰণ কৰাব পাৰি।
  9. শিশুক বিভিন্ন সময়ত ৰোগৰ কাৰণে সংক্ৰাম্যকৰণ কৰিব পৰা যায়। আপোনাৰ কমিউনিটিয়ে কেতিয়া আৰু ক’ত শিশুক অসংক্ৰাম্যকৰণ কৰে খৱৰ লওক।
  10. অসংক্ৰাম্যকৰণৰ দিনতোত যদি কেঁচুৱা আৰু শিশু সামান্য অসুস্থ হৈ থাকে তেতিয়াও সিঁহতক অসংক্ৰাম্যকৰণ কৰিব পাৰি।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

অসংক্ৰাম্যকৰণ বা টীকাকৰণ : শিশুৱে কি কৰিব পাৰে?

  • আমাৰ নিজৰ ভাষাত নিজৰ শব্দ ব্যৱহাৰ কৰি আমাৰ নিজৰ অসংক্ৰাম্যকৰণ বাৰ্তা প্ৰস্তুত কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালৰ বিলাকৰ লগত বিনিময় কৰক।
  • অসংক্ৰাম্যকৰণ দিৱসৰ কাৰণে পোষ্টাৰ বনোৱা আৰু প্ৰত্যেকে দেখাপোৱাকৈ সেইবোৰ প্ৰদশৰ্ন কৰা।
  • আমাৰ গাঁৱত শিশুক অপকাৰ কৰা মাৰাত্মক ৰোগ প্ৰতিৰোধৰ বিষয়ে এখন নাট প্ৰস্তুত কৰা।
  • আমাক ৰক্ষা কৰিবলৈ মাৰাত্মক ৰোগৰ সৈতে যুদ্ধ কৰা অসংক্ৰাম্যকৰণ চুপাৰহিৰোৰ ছবিক লৈ এটা কাহিনী বনোৱা।
  • ঘোঁৰা শলখা, বসন্ত আৰু জলাতংক, যক্ষ্মা, ধনুষ্টংকাৰ আৰু পলিঅ’ৰ দৰে অসংক্ৰাম্যকৰণৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা এবিধ বা তাতোধিক ৰোগৰ এখন পোষ্টাৰ বনোৱা।
  • আমাক সুৰক্ষিত আৰু সুস্থ কৰি ৰখা শক্তিশালীৰক্ষক ‘আণ্টি বডি’ৰ বিষয়ে এখন নাটক বা কাহিনী ৰচনা কৰা।
  • প্ৰত্যেকবিধ ৰোগৰ বিষয়ে শিকা আৰু আমি শিকাখিনি অন্য শিশু আৰু আমাৰ পৰিয়ালৰ সৈতে ভগাই লোৱা।
  • নতুন কেঁচুৱা আৰু মাতৃক শুভ আৰু সুস্থ প্ৰথম বৰ্ষৰ শুভেচ্ছা জনাবলৈ তেওঁলোকৰ কাৰণে অসংক্ৰাম্যকৰণৰ সময় উল্লেখ কৰি বিশেষ জন্মদিনৰ কাৰ্ড বনোৱা।
  • অসংক্ৰাম্যকৰণে আমাক সুৰক্ষা দিয়া ৰোগবোৰাৰ বিষয়ে অধিক জানি লোৱা।
  • দিব্যাংগ শিশুক সহায় কৰাৰ বিষয়ে অধিক জানি লোৱা।
  • অসংক্ৰাম্যকৰণৰ বিষয়ে আমি কিমান জ্ঞাত তাক জানিবলৈকুইজ প্ৰস্তুত আৰু অংশগ্ৰহণ কৰা।ইয়াকবন্ধু আৰু পৰিয়ালৰ সৈতে ভগাই লোৱা।
  • আমাক এবাৰতকৈবেছি প্ৰয়োজন হোৱা অসংক্ৰাম্যকৰণ কোনবোৰ বাচিউলিওৱা আৰু অসংক্ৰাম্যকৰণৰ পৰা বঞ্চিতহোৱা শিশুবোৰ বিচাৰি উলিওৱা।
  • ৰোগৰ ‘চুপাৰপাৱাৰ’ বোৰ আৰু এই শক্তিক অসংক্ৰাম্যকৰণ পৰাভূত কৰে বিচাৰি উলিওৱা
  • আমাৰ শ্ৰেণীৰ প্ৰতিজনে আৰু শিক্ষকসকলে তেওঁলোকৰ অসংক্ৰাম্যকৰণ কৰালেনে পৰীক্ষা কৰা।
  • সকলো শিশু আৰু কেঁচুৱাক অসংক্ৰাম্যকৰণৰ কাৰণে নিব পৰা বিশেষ অসংক্ৰাম্যকৰণ কাৰ্যসূচী বা দিন আৰু স্বাস্থ্য সপ্তাহ আছে নেকি বিচাৰি উলিওৱা
  • আমাৰ পৰিয়ালত অসংক্ৰাম্যকৰণৰ পৰা বঞ্চিত হোৱা কোনোবা আছে নেকি বাচি উলিওৱা যাতে তেওঁলোকে পাছত ল’ব পাৰে।
  • মোৰ দেশত অসংক্ৰাম্যকৰণৰ বিষয়ে আৰু আমাক কেতিয়া অসংক্ৰাম্য কৰোৱা হ’ব তাৰ বিষয়ে প্ৰশ্ন কৰা।
  • আমাৰ পৰিয়ালৰ কাৰোৱাৰ মাৰাত্মাক ৰোগবোৰৰ এটামান আছিল নেকি আৰু তেওঁলোকৰ কি হ’ল বিচাৰি উলিওৱা।

অধিক তথ্যৰ জানিবৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

4

4. মেলেৰিয়া। (Assamese, Malaria)

  1. মেলেৰিয়া সংক্ৰামিত মহে কামুৰিলে বিস্তাৰিত হয়।
  2. মেলেৰিয়া বিপদজনক। ইয়াৰ পৰা জ্বৰ হয় আৰু মৃত্যু হ’ব পাৰে, বিশেসঃঅকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ
  3. কীট নাশক দৰৱৰদ্বাৰা সংশোধন কৰা আঠুৱা ব্যৱহাৰ কৰি মহ নিধন কৰক আৰু মহে কামোৰাৰ পৰা নিজকে বচাই মেলেৰিয়া প্ৰতিৰোধ কৰক।
  4. মেলেৰিয়া মহে সাধাৰণতে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰসময়ত কামোৰে।
  5. মেলেৰিয়া আক্ৰান্ত হ’লে লৰা-ছোৱালীৰগঠন প্ৰণালী স্থবিৰ হ’ব পাৰে।
  6. মেলেৰিয়া নিৰ্মূলৰ তিনিবিধ ঔষধ ছটিওৱা হয় –ঘৰৰ ভিতৰত, বতাহত আৰু পানীত।
  7. মেলেৰিয়াৰ লক্ষণ হ’ল-তীব্ৰ জ্বৰ,মুৰৰ বিষ, বাহু আৰু পেটৰ বিষ আৰু কঁপনি উঠা। তেজ পৰীক্ষা আৰু চিকিত্সাৰ দ্বাৰা প্ৰাণ বচাব পাৰি।
  8. স্বাস্থ্য কৰ্মীয়ে দিয়া পৰামৰ্শ আৰু ঔষধৰ দ্বাৰা মেলেৰিয়া প্ৰতিৰোধ আৰু চিকিত্সা কৰিব পাৰি।
  9. এজন সংক্ৰামিত ৰোগীৰ তেজত মেলেৰিয়াৰ বিজাণু থাকে আৰু ই এনিমিয়া সৃষ্টি কৰি ভূক্তভোগী জনক দুৰ্ৱল আৰু ভাগৰুৱা কৰি তোলে।
  10. মেলেৰিয়াৰ প্ৰতিৰোধক পিলৰ দ্বাৰা মেলেৰিয়া আৰু এনিমিয়া সংক্ৰামণত বাধা দিব পাৰি।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

মেলেৰিয়া: শিশু সকলে কি কৰিব পাৰে?

  • মেলেৰিয়া সম্পৰ্কে আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালৰ বিলাকৰ লগত বিনিময় কৰক।
  • মেলেৰিয়া কেনেকৈ বিয়পে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছো আনক জনাবলৈ পোষ্টাৰ তৈয়াৰ কৰক।
  • মেলেৰিয়া মহৰ উত্পত্তি সম্পৰ্কে কাহিনী বা নাটক প্ৰস্তুত কৰি অন্য লৰা-ছোৱালী বিলাকৰআগত প্ৰদৰ্শন কৰক।
  • কীট নাশক দ্ৰৱৰে পৰিশোধিত আঠুৱা কেনেকৈ ৰাখিব আৰু ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে পোষ্টাৰ প্ৰস্তুত কৰক।
  • মহৰ কামোৰৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই সম্পৰ্কে পোষ্টাৰ তৈয়াৰ কৰক আৰু কাহিনী প্ৰচাৰ কৰক।
  • এজন শিশুৱে আন এজনৰ শৰীৰত মেলেৰিয়া লক্ষণ কেনেকৈ চিনি পাইছে আৰু জেষ্ঠজনক পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিছে সেই সম্পৰ্কে কাহিনী বা নাটক প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক।
  • এনিমিযা আৰু মেলেৰিয়াৰ লক্ষণবিলাকৰ ওপৰত কাহিনী বা নাটক ৰচনা কৰক, কেনেকৈ পেলুৰ পৰা এনিমিয়া আৰু মেলেৰিয়াৰ পৰা এনিমিয়া হয় তাৰ ওপৰতো।
  • আইৰণ পুষ্টআহাৰ সম্পৰ্কে প্ৰাচীৰ পত্ৰ তৈয়াৰ কৰক।
  • সৰু লৰা-ছোৱালীক মহে কামুৰাৰ সময়ত আঠুৱাৰ তলত ৰাখক।
  • আঠুৱা বিলাক বিচনাত যাতে ভালকৈ খুচি লোৱা হয় আৰু ফুটা নাথাকে নিশ্চিত কৰক।
  • মানুহে আঠুৱা ভাল পায় বা নাপায় আৰু আঠুৱা ব্যৱহাৰ কৰা বা নকৰা সম্পৰ্কে কি ভাৱে তাৰ ওপৰত নাটক বা কাহিনী তৈয়াৰ কৰক।
  • বিচনাত আঠুৱা কেনেকৈ ব্যৱহাৰ কৰিব লাগে –এটা প্ৰচাৰ অভিযান আৰম্ভ কৰক।
  • এজন স্বাস্থ্য কৰ্মীক বিদ্যালয়লৈ নিমন্ত্ৰণ কৰি আনি আঠুৱা কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু মেলেৰিয়া কেনেকৈ পৰীক্ষা কৰাব লাগে সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাওক।
  • গীত-নাচ আৰু নাটকৰ যোগেদি বাৰ্তা সমূহ আনৰ লগত বিনিময় কৰক।
  • আমাৰ পৰিয়ালত মেলেৰিয়া আক্ৰান্ত কিমান জনাওক। আমি কেনেকৈ মেলেৰিযা প্ৰতিৰোধ কৰিব পাৰো? কেতিয়া আৰু কেনেকৈ ঔষধ যুক্ত আঠুৱা আৰু খিৰিকিত পৰ্দা ব্যৱহাৰ কৰিব লাগে আৰু ই কেনেধৰণে কাম কৰে? ঔষধযুক্ত আথুৱা কেতিয়া পোৱা যায়? মেলেৰিয়াত কেনেকৈ মৃত্যু হয়? কিয় মেলেৰিয়া গৰ্ভাৱতী তিৰুতা আৰু শিশুৰ কাৰণে বিপদজনক? এগৰাকী সন্তান সম্ভৱা তিৰোতাক মেলেৰিয়াৰ পৰা বাচি থাকিবলৈ কি দিয়ে আৰু কেতিয়া পায়? এনিমিয়া প্ৰতিৰোধ কৰিবলৈ আইৰণযুক্ত আহাৰে (মাংস, মাহজাতীয় আৰু সেউজীয়া শাক-পাচলি)কেনেকৈ কামকৰে? জনসাধাৰণে নিজকে আৰু প্ৰতিবেশিক মহে কামোৰাৰ পৰা কেনেকৈ ৰক্ষা কৰিব? যদি তেজত মেলেৰিয়া থাকেআপুনি বিশেষ পৰীক্ষাটোক কি বুলি কব?

অধিক তথ্যৰ জানিবৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

5

5. ডায়েৰিয়া (Assamese, Diarrhoea)

  1. ডায়েৰিয়া পনীয়া পায়খানা হোৱা অসুখ, দিনে 3 বাৰতকৈ অধিক হয়।
  2. দুষিত আহাৰ, বা পানী, লেতেৰা হাত, চামোচ বা কাণ আদি মুখত দিয়াতবিজাণু সংক্ৰামিত হব পাৰে।
  3. পানী আৰু লৱণ শৰীৰৰ পৰা ওলাই গৈ শৰীৰ দুৰ্ৱল কৰে। যদিহে পানী খোৱা নহয় ডায়েৰিয়াত সৰু লৰা-ছোৱালীৰ মৃত্যু পৰ্যন্ত হব পাৰে।
  4. অতিৰিক্ত পৰিষ্কাৰ পানী, নাৰিকলৰপানী বা ভাতৰপানী খোৱাই ডায়েৰিয়া বাধা দিব পাৰি। কেঁচুৱাৰ কাৰণে মাকৰ গাখীৰ সৰ্বোকৃষ্ট।
  5. ডায়েৰিয়াত ভোগা এটা শিশুৰশুকান মুখ আৰু জিভা, সোমাই যোৱা চকু কিন্তু চকুৰ পানী নোলায়, কোমল চাল আৰু হাত-ভৰি ঠাণ্ডা পৰি যায়। শিশুৰ মুৰত সোমাই যোৱা এটা মিহি সৰু দাগ হব পাৰে।
  6. শিশুৱে পাচঁ বাৰতকৈ বেছি পায়খানা কৰিলে বা শৌচত তেজ গলে, বা বমি কৰিলে স্বাস্থ্য কৰ্মীক নিশ্চিত ভাৱে দেখুৱাব লাগে।
  7. অ’আৰএছ (ORS) অৰ্থাত্ অৰেল ৰিহাইদ্ৰেচন ছলিওচন ক্লিনিক বা দোকানত পায়। ইযাক বিশুদ্ধ পানীৰ লগত উপযুক্তভাৱে মিশ্ৰণ কৰি ডায়েৰিয়াত ব্যৱহাৰ কৰিব পাৰি।
  8. প্ৰায়বিলাক ডায়েৰিয়াৰ দৰৱেই কাম নকৰে, কিন্তু জিংক পিলে ছয় মাহতকৈ বেছি বয়সৰ শিশুৰ ডায়েৰিয়া বন্ধ কৰিব পাৰে। অ’আৰএছ মিহলি পানী দিব লাগিবই।
  9. ডায়েৰিয়া হোৱা লৰা-ছোৱালীক সুস্বাদু আহাৰ দিব লাগে যাতে সিহঁতৰ শৰীৰে শক্তি পায়।
  10. গাখীৰ খোৱা শিশু, পৰিষ্কাৰপ ৰিচন্নতা মানি চলি, টিকা কৰণৰ দ্বাৰা আৰু আহাৰ বিশুদ্ধ ভাৱে তৈয়াৰ কৰি ডায়েৰিয়াৰ পৰা বাচি থাকিব পাৰি।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

ডায়েৰিয়া : শিশুৱে কি কৰিব পাৰে ?

  • ডায়েৰিয়া সম্পৰ্কে আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • এখন সাধাৰণ মাখি ধৰা ফান্দ(চিটিকা) সাজক যাতে আমাৰ আহাৰত বীজাণু বিয়পোৱাত বাধা দিব পাৰি।
  • ডায়েৰিয়াৰ বিপদজনক সংকেট বিলাক প্ৰদৰ্শন কৰি পোষ্টাৰ তৈয়াৰ কৰক।
  • এখন চুটি নাটক প্ৰস্তুত কৰক আমি কেতিয়া স্বাস্থ্য কৰ্মীক সহায়ৰবাবে মাতিব লাগে।
  • সাপ আৰু জখলাৰ এটা খেলা প্ৰস্তুত কৰক যাতে আমি ডায়েৰিয়া কনকৈ বাধা দিব পাৰি শিকিব পাৰো।
  • ঘৰ আৰু বিদ্যালয়ৰ কাৰণে প্ৰাথমিক চিকিত্সা বাকচ তৈয়াৰ কৰা য’ত অ’আৰ এছ থাকিব।
  • দুগৰাকী মাতৃৰ চৰিত্ৰ ৰুপায়ণ কৰি শিশুক ডায়েৰিয়াৰ পৰা কেনেকৈ ভাল কৰিব পাৰি দেখুৱাব।
  • ডায়েৰিয়া হোৱা এটি শিশুৰ শৰীৰৰ পানী কমি যোৱাৰ লক্ষণ আমি কেনেকৈ জানিব পাৰো এই সম্পৰ্কে পৰীক্ষা কৰিবলৈ এটা খেল প্ৰস্তুত কৰা।
  • এজোপা গছক বাঢ়িবলৈ কিমান পানী লাগে আৰু পানী নহলে কি হয় লক্ষ্য কৰক।
  • আমাক নিজকে আৰু আমাৰ বাসস্থান পৰিষ্কাৰ ৰাখি ডায়েৰিয়া হোৱাৰ পৰা ৰক্ষা কৰক।
  • হেণ্ডচেকিং খেলা খেলি কিমান খৰকৈ বীজাণু সংক্ৰমণ হ’ব পাৰে পৰীক্ষা কৰক।
  • সোধক আমাক মাতৃয়ে কিমান দিনলৈ দুগ্ধপান কৰাইছিল? অ’আৰএছ(ORS) আৰু জিংকৰে আমি ঘৰত কেনেকৈ ডায়েৰিয়াৰ চিকিত্সা কৰো? আমি এজন স্বাস্থ্যকৰ্মীৰ সহায় লবলৈ কি বিপদজনক লক্ষণ দেখা পাব লাগে? কি পানীয় ডায়েৰিয়াৰ কাৰণে উপকাৰী? সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি আমি কেনেকৈ বিশুদ্ধ খোৱা পানী তৈয়াৰ কৰিব পাৰো? যেতিয়া অ’আৰএছ (ORS) নাথাকে কি পানী উপকাৰী? গ্ৰহণী আৰু কলেৰা কি? ই কেনেকৈ বিয়পে?

মাখি ধৰা, হেণ্ড চেকিং খেলা বা সূৰ্যৰ পোহৰত শোধিত পানী বা অন্য কোনো বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

6

6. পানী আৰু অনাময় (Assamese, Water, Sanitation & Hygiene)

  1. ভালদৰে হাত ধুবলৈ পানী আৰু অলপ চাবোন ব্যৱহাৰ কৰক। 10 ছেকেণ্ডৰ বাবে ঘঁহিব, পানীৰে ধুব আৰু বতাহত শুকুৱাব বা চাফা কাপোৰ/কাগজেৰে শুকুৱাব, লেতেৰা কাপোৰৰে নহয়।
  2. তোমাৰ মুখৰ টি- মণ্ডল (চকু, নাক আৰু মুখ) স্পৰ্শ কৰাৰ পূৰ্ৱে ভালদৰে হাত ধোবা, কাৰণ এই ঠাইৰে দেহত বীজাণু প্ৰৱেশ কৰে। পৰাপক্ষত টি-মণ্ডল স্পৰ্শ নকৰাকৈ থাকিব।
  3. খাদ্য প্ৰস্তুত কৰা, খোৱা আৰু শিশুক খাদ্য দিয়াৰ পূৰ্ৱে হাত ধুবা আৰু প্ৰস্ৰাৱ, পায়খানা কৰা বা কেঁছুৱাক চাফা কৰাৰ পিছত বা অসুখীয়াক সহায় কৰাৰ পিছত তোমাৰ হাত ধুবা।
  4. তোমাৰ শৰীৰ আৰু কাপোৰ সজীৱ আৰু চাফা কৰি ৰাখিবা। তোমাৰ নখ আৰু তলুৱা, হাত আৰু কাণ, মুখ আৰু চুলি পৰিষ্কাৰ কৰি ৰাখিবা। জোতা, চেণ্ডেল পেলুৰ পৰা ৰক্ষা কৰিবা।
  5. মানুহ আৰু জীৱজন্তুৰ মল আৰু মুত্ৰ মাখিৰ পৰা দূৰত ৰাখিবা। মাখিয়ে বীজাণু বিয়পায়। পায়খানা ব্যৱহাৰ কৰিবা আৰু তাৰ পিছত তোমাৰ হাত ধুবা।
  6. তোমাৰ মুখ সজীৱ আৰু পৰিষ্কাৰ কৰি ৰাখিবা। পুৱা গধুলি আৰু যদি সেমেকা চকুৰ ওচৰত মাখি ঘূৰি ফুৰিলে অলপ চাফা পানী আৰু চাবোনেৰে ভালকৈ মুখ ধুবা।
  7. পৰিষ্কাৰ বিশুদ্ধ খোৱাপানী লেতেৰা হাত বা কাপোৰে স্পৰ্শ নকৰিবা। ইয়াক নিৰাপদ আৰু বীজাণুমুক্ত কৰি ৰাখিবা।
  8. সূৰ্যৰ পোহৰে পানী বিশুদ্ধ কৰে। ফিল্টাৰ কৰি প্লাষ্টিকৰ বটলত ভৰাই খাব পৰাকৈ বিশুদ্ধ নোহোৱা পৰ্যন্ত 6 ঘন্টাৰ কাৰণে ৰ’দত ৰাখিবা।
  9. যেতিয়া পাৰা ধোৱাৰ পিছত প্লেট আৰু বাচন বৰ্ত্তনবোৰত থকা বীজানূ ধবংস কৰিবৰ বাবে ৰ’দ ব্যৱহাৰ কৰিবা।
  10. ঘৰ আৰু চৌপাশৰ আবৰ্জনা আৰু লেতেৰা দূৰ কৰি মাখি মাৰিবা বা হ্ৰাস কৰিবা। আৱৰ্জনাবোৰ সংগ্ৰহ কৰা, জ্বলোৱা বা পুতি নেপেলোৱা পৰ্যন্ত নিৰাপদভাৱে গোটাই ৰাখিবা।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

পানী আৰু অনাময় : শিশুৱে কি কৰিব পাৰে ?

  • আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে আমাৰ নিজৰ পানী আৰু অনাময় বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • কেনেকৈ হাত ধুব লাগে শিকাত সহায় কৰিবলৈ এটা গান শিকক।
  • বীজাণু পৰিয়ালৰ গাঁৱত পৰিষ্কাৰ পৰিয়ালৰ প্ৰৱেশ ঘটিলে কি হয় তাক প্ৰদৰ্শন কৰিবলৈএখন নাটক ৰচনা আৰু অভিনয় কৰিব পাৰে বা বীজাণু লুকাই থাকিবলৈ ভাল পোৱা স্থানৰ বিষয়ে নাটক কৰক।
  • আমাৰ কনিষ্ঠ ভাতৃ আৰু ভগ্নীসকলক সহায় কৰক আৰু তেওঁলোকে সঠিকভাৱে হাত ধুব লাগে জনাটো নিশ্চিত কৰক।
  • এদল মানুহক নিৰীক্ষণ কৰি এঘণ্টা কাটাওক আৰু তেওঁলোকে বা অন্য মানুহে কিমান সঘনাই তেওঁলোকৰ মুখ, তেওঁলোকৰ কাপোৰ ধুৱে লক্ষ্য কএঅক আৰু তথ্য ৰাখক।
  • হাতৰ পৰা শৰীৰত বীজাণু প্ৰবেশ কৰিব পৰা সকলো পথৰ কথা চিন্তা কৰক।
  • বিদ্যালয়ৰ প্ৰাস্বাৱগাৰবোৰ পৰিষ্কাৰ কৰি ৰখাটো নিশ্চিত কৰিবলৈ একেলগে এখন আচনিৰ কাম কৰক।
  • ফিল্টাৰ ব্যৱহাৰকৰিপানী পৰিষ্কাৰ কৰিবালৈ শিকক।
  • বিদ্যালয় চৌহদক পৰিষ্কাৰ আৰু আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ এখন আচনি প্ৰস্তুত কৰক।
  • বিদ্যালয়ত এটা স্বাস্থ্য সন্মত ক্লাৱ গঠন কৰক।
  • মাখি, বিষ্ঠা আৰু বীজাণুৰ বিষয়ে জনা কথাবোৰ আমাৰ পৰিয়ালৰ সৈতে আলোচনা কৰক।
  • আমাৰ পানীৰ পাত্ৰবোৰ পৰিষ্কাৰ আৰু ঢাকি ৰাখক আৰু সহায় এখন হেতা ব্যৱহাৰ কৰক আমাৰ কাপ বা হাত নহয়। আমাৰ কনিষ্ঠ ভাতৃ-ভগ্নীসকলক পাত্ৰৰ পৰা কোনটো পানী ল’ব লাগে শিকাওক।
  • একেলগে মিলি এটা ‘টিপ টেপ’ বনাওক!
  • আমাৰ গা-ধুৱাৰ বাবে চাবোন ৰাখিবলৈ এটা ‘ৱাছ মিট’ বনাব লাগে।
  • এটা প্লাষ্টিক বটল আৰু অলপ চেনি পানী বা বিষ্ঠা ব্যৱহাৰ কৰি মাখি ফান্দ বনাওক।
  • সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি ঘৰত পান কৰিবলৈ পানী পৰিষ্কাৰ কৰাত সহায় কৰক ।
  • লেতেৰা পানী পৰিষ্কাৰ কৰিবলৈ এটা বালি ফিল্টাৰ সাজক।
  • আমাৰ চুবুৰীটোৰ পানীযোগানৰ আৰু এইবোৰ পান কৰাৰ বাবে নিৰাপদ হয়নে নহয় আৰু এখন মানচিত্ৰ বনাওক।
  • খাদ্য সিজোৱা পাত্ৰ আৰু প্লেটবোৰ সূৰ্যৰপোহৰত শুকূৱাৰ কাৰণে এখন চাংসাজক।
  • আমাৰ হাতবোৰ কেনেকৈ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰাখিব পাৰি সেই বিষয়ে সোধক। হাত ধুবলৈ আমাৰ ঘৰত চাবোন আছেনে? স্থানীয় দোকানত চাবোনৰ দাম কিমান? আমাৰ দেহটো কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি? দাঁত কেনেকৈ ব্ৰাছ কৰিব লাগে? বীজাণু ক’ৰপৰা আহে, সিঁহত ক’ত বাস কৰে আৰু কেনেকৈ বিয়পে? মাখিয়ে কোনটো জীয়াই থাকে, খায় আৰু বংশবিস্তাৰ কৰে? মাখিয়ে সিহতৰ ভৰিৰে কেনেকৈ লেতেৰা কঢ়িয়ায়? আমাৰ পানীৰ উত্সবোৰ কি? আমি লেতেৰা পানী কেনেকৈ খোৱাৰ বাবে পৰিষ্কাৰ কৰিব পাৰো? প্লাষ্টিক বটল আমি ক’ত পাব পাৰো? পানীৰ ফিল্টাৰ হিচাপে কি কাপোৰ ব্যৱহাৰ কৰিবপাৰি? খাদ্য প্ৰস্তুতকৰাৰ সময়ত পৰিয়ালৰ সদস্যসকলে কি স্বাস্থ্যবিধি মানি চলে? ঘৰ আৰু চুবুৰীত সৰ্ৱাধিক বীজাণু থকা স্থানবোৰ ক’ত আছে?

মাখি ফান্দ, পানী বিশুদ্ধ কৰিবলৈ সূৰ্য্যৰ পোহৰৰ ব্যৱহাৰ, বালি ফিল্টাৰ কেনেকৈ সাজিব লাগে, এটা ৱাছ মিট বা এটা টিপ্পী টেপ, বা অন্য যিকোনো কথাৰ বিষয়ে অধিক নিদিষ্ট তথ্যৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

7

7. পুষ্টিসাধন (Assamese, Nutrition)

  1. যি আহাৰে আমাক উজ্বীৱিত কৰে, আমাৰ শাৰীৰিক বৃদ্ধিত সহায় কৰে আৰু আমাক সতেজ কৰি তোলে, শক্তিশালী কৰে সেয়ে ভাল আহাৰ।
  2. যদিহে আমি কমলৈ খাঁও বা অতিমাত্ৰা মচলা যুক্ত আহাৰ খাওঁ বদহজম হব পাৰে। পৰ্যাপ্ত মাত্ৰাৰ সুষম আহাৰ গ্ৰহণ কৰি ইয়াক ত্যাগ কৰিব লাগে।
  3. দুবছৰৰ তলৰ শিশুক প্ৰতি মাহতে জুখিব লাগে যাতে উপযুক্তভাৱে শাৰীৰিক বৃদ্ধি হৈছে নে নাই জানিব পাৰি।
  4. যদিহে শিশু ক্ষীন আৰু হাতভৰি দুৰ্ৱল হয় সিঁহতক স্বাস্থ্য কৰ্মীক দেখুৱাৰ আৱশ্যক।
  5. যেতিয়া লৰা-ছোৱালীৰ অসুখ হয় সিঁহত ৰুচী হীন হয়, সিঁহতক চুপ আৰু পনীয় আৰু সাধাৰণ অৱস্থাতকৈ বেচিকৈ আহাৰ দিব লাগে যাতে সুস্থ হৈ উঠে।
  6. জন্মৰ পৰা 6 মাহলৈ এটা শিশুৰ আটাইতকৈ ভাল আহাৰ মাতৃ দুগ্ধ। ই শাৰীৰক সবল আৰু শক্তিশালী আৰু সতেজ কৰি তোলে।
  7. 6 মহীয়া এটা শিশুক মাতৃৰ দুগ্ধৰ ওপৰিও মিহি আহাৰ দিনে তিনি চাৰিবাৰ আৰু জলপান খুৱাব লাগে।
  8. প্ৰতি সপ্তাহতে ভিন্নৰঙৰ প্ৰাকৃতিক আহাৰৰ যোগেদি আমাৰ আৱশ্যকীয় সুষম আহাৰ গ্ৰহণ কৰিব লাগে।
  9. ৰঙা, হালধীয়া আৰু সেউজীয়া ফল আৰু শাকপাচলিয়েই পুষ্টিকৰ। এইবোৰ যদিও দেখিবলৈ সৰু, ই আমাৰ শৰীৰ শক্তিশালী কৰে।
  10. খোৱা আৰু ৰন্ধা আহাৰ পৰিস্কাৰকৈ ধুই বেমাৰক বাধা দিব পাৰি। ৰন্ধা আহাৰ সোনকালে খাব লাগে। নহলে ভালকৈ সংৰক্ষণ কৰিব লাগে।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

পুষ্টিসাধন : শিশুৱে কি কৰিব পাৰে ?

  • আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে আমাৰ নিজৰ পুষ্টিসাধনৰ বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • এখন বিকাশ তালিকা বিচাৰি আনক আৰু অন্য শিশু আৰু এজন জেষ্ঠলোকৰ সহায়ত তালিকাৰ লিখা কথা বিলাক বুজি লওক।ইয়াক স্বাস্থ্য পথৰ তালিকা বুলিও কোৱা হয় আৰু স্বাস্থ্য কেন্দ্ৰ বিলাকত পোৱা যায়।
  • চিকিত্সা কেন্দ্ৰলৈ গৈ শিশুবিলাকক জোখোতে ওজন বিলাক সংগ্ৰহ কৰি আনি বিকাশ তালিকাখনত লিপিবদ্ধ কৰি ৰাখক।
  • স্বাস্থ্য কেন্দ্ৰত শিশু আৰু কিশোৰ বিলাক জোখোতে আৰু উচ্চতা মাপ কৰোতে লক্ষ কৰক।
  • আলোচনা কৰক তাত পুষ্টিহীনতাত ভোগা কোনো শিশু আছে নেকি আৰু সিঁহতক কেনেধৰণে সহায় কৰিব পাৰি?
  • আমাৰ পৰিয়ালত প্ৰতিদিনে/ প্ৰতি সপ্তাহে কি আহাৰ খোৱা হয়, তথ্যভুক্ত কৰক। কিমান প্ৰাকৃতিক ৰঙ আমি প্ৰতি সপ্তাহত খাওঁ? আমাৰ পৰিয়ালৰ সকলো সদস্যই আৱশ্যক পৰিমাণৰ আহাৰ পায়নে যাতে গঠন, বিকাশ আৰু সতেজ হৈ থাকিবপাৰে? আমি কেনেকৈ জানিম? একেবাৰে বৃদ্ধ আৰু সম্পূৰ্ণ যুৱক আছে নেকি যে তেওঁলোকে কি পৰিমাণৰ আহাৰ খাইছে জানিব পাৰিম?
  • সোধক আৰু শুনক কেনেকৈ আহাৰে মানুহক ৰুগীয়া কৰে?
  • অভিভাৱক, স্বাস্থ্যকৰ্মী বা অন্যলোকৰ পৰা জ্ঞাত হওক এজন শিশু পুষ্টিহীনতাত ভুগিলে কেনেকৈ গম পায়?
  • এখন আহাৰৰ তালিকা প্ৰস্তুত কৰক যিবিলাক শিশু আৰু কিশোৰৰ কাৰণে অপকাৰী আৰু প্ৰতিটো আহাৰৰ বিপৰীতে কিয় বেয়া লিপিবদ্ধ কৰক।
  • জানিবলৈ যত্ন কৰক – মাতৃয়ে শিশুক ছয়মাহৰ পিছত প্ৰথম আহাৰ কি দিয়ে? কিমান সঘনে শিশুক খোৱাই? উত্তৰ বিলাক লিখি পিছত এখন তালিকা প্ৰস্তুত কৰিব পাৰে।
  • আমাৰ সমাজত সৰহ সংখ্যক লোকৰ কাৰণে কেনে ভিটামিন যুক্ত আহাৰ পোৱা যায় আৰু সেই বিলাক কেনেকৈ প্ৰস্তুত কৰা হয় জানিবলৈ দিয়ক(বজাৰত/ঘৰত)।
  • লক্ষ্য কৰক- আহাৰ কেনেকৈ প্ৰস্তুত কৰা হয়, বাচন বৰ্তন ভালকৈ পৰিস্কাৰ আৰু শুকোৱা হয় নে? আহাৰ তৈয়াৰ কৰা সকলে হাত ভালকৈ ধুইছেনে?
  • এখন ছবি আঁকা বা আমি সপ্তাহৰ প্ৰতোটো দিনত খোৱা আহাৰৰ বিষয়ে লিখা। আমি ছবি খনত প্ৰতোটো আহাৰৰ ৰং বা লেবেল লগাই দিব পাৰো।
  • মাতৃ সকলক সোধক তেওঁলোকে সন্তানক 6 মাহৰ পিছত কি দিয়ে আৰু এখন তালিকা প্ৰস্তুত কৰি বন্ধুসকলক দেখুৱাওক।
  • কোন বিলাক আহাৰ শিশু আৰু কিশোৰৰ কাৰণে ভাল বা বেয়া আৰু কিয়, জানিবলৈ যত্ন কৰক। আমি এই বিষয়ে এখন ফটো তালিকা প্ৰস্তুত কৰিব পাৰো।
  • সোধক কেনেকৈ এখন বিকাশ তালিকাৰ দ্বাৰা শিশুটি সঠিক ভাৱে ডাঙৰ হৈছেনে জানিব পাৰি। আৰু কি পদ্ধতিৰে শুকান আহাৰ, বটলত খোৱা আহাৰ বা অন্যআহাৰ সজিব কৰি ৰাখিব পাৰি? কিয় প্ৰাকৃতিক ৰংযুক্ত আহাৰ খোৱা উচিত? এজন ৰোগী শৰ্য্যাগত অৱস্থাত বা পৰবৰ্তী সময়ত কি আহাৰ ভাল?
  • এজন স্বাস্থ্য কৰ্মীৰ পৰা স্তনপান আৰু ই কিয় আটাইতকৈ উত্তম জানি লওক।
  • এজন অসুস্থ শিশুক পৰ্য্যাপ্ত আহাৰ আৰু পানীয় যোগান ধৰিবলৈ আমি কি কৰিব পাৰো জানি লওক।
  • আমাৰ সমাজৰ বা বন্ধু সকলৰ মাজত কিমান মাতৃয়ে স্তন পান কৰায় আৰু কিয়? –সংগ্ৰহ কৰক। সোধক শিশু ডাঙৰহৈ যোৱাৰ লগে লগে স্তনৰ গাখীৰ পৰিবৰ্তন হয় নেকি সোধক। কিয় বটলৰ গাখীৰ শিশুৰ স্বাস্থ্যৰ কাৰণে বিপদ জনক হ’ব পাৰে?
  • শিশুৱে প্ৰশ্ন কৰিব পাৰে ডাঙৰ সকলক –খাদ্য বেয়াহৈ গলে আৰু খোৱাৰ অনুপযুক্ত হ’লে কেনেকৈ কব পাৰি?

অধিক তথ্যৰ জানিবৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

8

8. পাকস্থলীৰ পেলু বা কৃমি (Assamese, Intestinal Worms)

  1. কোটি কোটি শিশুৰ শৰীৰত পেলু থাকে, শৰীৰৰ এই অংশটোক পাকস্থলী বুলি কোৱা হয়। ইয়াত আমাৰ শৰীৰৰ বাবে খোৱা আহাৰ থাকে।
  2. বিভিন্ন প্ৰকাৰৰ পেলু থাকিব পাৰে – ঘূৰণীয়া কৃমি, কশাকৃমি, হাকোটা কৃমি আৰু বিলহাৰজিয়া (পৰ্ণাভকৃমি)। ইয়াৰ ওপৰিও অন্য প্ৰকাৰৰ থাকিব পাৰে।
  3. পেলুৱে আমাক ৰোগীয়া আৰু দুৰ্ৱল কৰিব পাৰে। ইয়াৰ পৰা পেটৰ বিষ, কাঁহ আৰু জ্বৰ আদি হব পাৰে।
  4. পেলু শৰীৰৰ ভিতৰত থাকে কাৰণে দেখা পোৱা নাযায়, কিন্তু কেতিয়াবা শৌচৰ লগত দেখা যায়।
  5. পেলু আৰু ইয়াৰ কণী আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰে প্ৰবেশ কৰিব পাৰে। কিছুমান খাদ্য বা অপৰিস্কাৰ পানীৰ দ্বাৰা আৰু কিছুমান খালী ভৰিয়েদি সোমাব পাৰে।
  6. পেলু নোহোৱা পিলৰ দ্বাৰা ইয়াক ধ্বংস কৰা সহজ আৰু কম খৰচি। স্বাস্থ্য কৰ্মীসকলে প্ৰতি ছয় বা বাৰ মাহৰ ভিতৰত দিয়ে। কিছুমান পেলুৰ বাবে বেছিকৈয়ে দিয়ে।
  7. পেলুৰ কণী শৌচ-পেচাবত থাকে। শৌচাগাৰ ব্যৱহাৰ কৰক আৰু পেলুৰ পৰা ৰক্ষা পাওক। শৌচ-পেচাব কৰি হাত চাবোনেৰে ধুৱকআৰু কনিষ্ঠ সকলক পেলুৰ পৰা বচাই ৰাখক।
  8. শৌচ-পেচাব কৰি চাবোনেৰে হাত ধুই আৰু আহাৰ তৈয়াৰ কৰাৰ আগতে, আৰু খোৱাৰ আগতে, আৰু ফল-মুল, শাক-পাচলি ভালকৈ ধুই, আৰু জোতা পিন্ধি পেলু শৰীৰত প্ৰৱেশ কৰাত বাধা দিয়ক।
  9. কিছুমান পেলু মাটিত থাকে। সেয়ে মাটি চুই ভালকৈ চাবোনেৰে হাত ধুব লাগে।
  10. শাক-পাচলিত বা ফলমুল খাবৰ কাৰণে ধুওতে পৰিস্কাৰ, বিজাণুহীন পানী ব্যৱহাৰ কৰিব লাগে।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

পাকস্থলীৰ পেলু বা কৃমি : শিশুৱে কি কৰিব পাৰে ?

  • আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে আমাৰ নিজৰ পাকস্থলীৰ পেলুৰ বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • ‘কাকো সমৰ্থন নকৰা’ পদ্ধতি অবলম্বন কৰি কুইজ পাতক আৰু পেলু সম্পৰ্কে কিমান জানে পৰীক্ষা কৰক।
  • পেলুৰ সম্পৰ্কে এটা কাহিনী শুনাওক যাতে পেলু কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আমি বুজিব পাৰো।
  • আমাৰ বিদ্যালয়ত ৰান্ধনীয়ে আহাৰ কিদৰে তৈয়াৰ কৰে আৰু পেলুৰ পৰা বচাই ৰাখিবলৈ কিমান সুৰক্ষিত কৰি ৰাখে।
  • সদায়ে পায়খানা ব্যৱহাৰ কৰক যাতে শৌচৰ পৰা পেলুৰ কণী সিচঁৰিত হৈ মাটি আৰু পানীত মিহলি হব নোৱাৰে।
  • আমাৰ হাত ধুবলৈ চাবোণ, পানী আৰু পৰিস্কাৰ কাপোৰৰ আৱ্শ্যক।
  • এটা জৰীপ কৰক আমাৰ পৰিয়ালৰ লোক সকল পেলুৰ বিষয়ে কিমান অৱগত।
  • ধূৰ্ত্ত পেলু আৰু শিশুৱে কেনেদৰে তেওঁলোকৰ পৰিয়ালৰ খাদ্য চুৰ কৰাৰ পৰা ধূৰ্ত্ত পেলুক বাধা দিব তাৰ বিষয়ত এখন নাটক তৈয়াৰ কৰক!
  • কেচা শাক-পাচলি খোৱাৰ আগতে ভালকৈ ধুই আৰু মাংস ভালকৈ ৰান্ধি, খোৱা আহাৰ পেলুৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ে এখন পোষ্টাৰ প্ৰস্তুত কৰক।
  • হাত ধুবৰ কাৰণে এটা টেপ কেনেকৈ তৈয়াৰ কৰিব পাৰি আৰু আমাৰ পৰিয়ালত আৰু শ্ৰেণীকোঠাত একোটা হাত ধোৱা ঠাই প্ৰস্তুত কৰক।
  • কেনেকৈ পেলুৰ বিস্তাৰ বন্ধ কৰিব পাৰি, আৰু হাত ধুৱলৈ মনত পেলাই দিবলৈ এটা গীত ৰচনা কৰক।
  • শাক-পাচলি আৰু ফলমুল খোৱাৰ বা ৰন্ধাৰ আগতে ধুই লবালি সোঁৱৰাই দি এখন পোষ্টাৰ বনাওক।
  • এখন নাটক বা পুতলা নাচৰ প্ৰদৰ্শনী পাতি পেলুৰ বিস্তাৰ কেনেকৈ বন্ধ কৰিব পাৰি দেখুৱাওক।
  • খালী ঠাই পুৰণ কৰা প্ৰতিযোগীতা পাতি পেলুৰ বিষয়ে জ্ঞান পৰীক্ষা কৰক বা কুইজৰ যোগেদি কেতিয়া হাত ধুৱ লাগে, কিবা এটা কৰাৰ আগতে আৰু পাচত? সহায়ৰ বাবে নিম্ন লিখিত প্ৰশ্ন বিলাক ব্যৱহাৰ কৰক।
  • সোধক আমি খোৱা আহাৰ আমাৰ শৰীৰে কেনেকৈ গ্ৰহণ কৰে? আমাৰ পাকস্থলী কিমান ডাঙৰ ? পেলুৱে কেনেকৈ আমাৰ আহাৰ খায়? এটা ফিটা পেলু কিমান দীঘল হব পাৰে? কিমান ধৰণৰ পেলুৰ বিষয়ে জানা? তুমি থকা ঠাইত কোন বিধৰ পেলু বেচিকৈ আছে? পেলু হোৱাৰ লক্ষণ কি কি? পেলুৰ প্ৰতিৰোধক ঔষধ ক’ত পোৱা যায় আৰু ইয়াক কোনে ব্যৱহাৰ কৰিব লাগে? এটা পেলুৱে এদিনত কিমান কণী পাৰিব পাৰে? পেলুৱে ভিটামিন ‘এ’ৰ দৰে খাদ্য আমাৰ শৰীৰৰ পৰা আহৰণ কৰে, ভিটামিন ‘এ’ৰ কাৰণে কি খাব লাগে জানেনে? পেলুৰ পোৱালীবোৰক ‘লাৰভি’ বুলি কোৱা হয়। কোন বিধ পেলুৰ পোৱালী চালৰ মাজেদি আমাৰ শৰীৰত প্ৰৱেশ কৰে? পায়খানা ব্যৱহাৰ কৰি আৰু শৌচ-পেচাব পৰিস্কাৰ কৈ ৰাখি কেনেকৈ পেলুৰ বিস্তাৰ বন্ধ কৰিব পাৰি? আমাৰ বিদ্যালয়ত পেলু প্ৰতিৰোধক দিৱস পৰা হয়নে? কেতিয়া পাতে? সেই দিনা সকলোৱে পেলু প্ৰতিৰোধক বড়ি ব্যৱহাৰ কৰে কিয়? পৃথিৱীত কিমান লৰা-ছোৱালী পেলুত আক্ৰান্ত? লিয় পেলুৰ বিস্তাৰ বন্ধ কৰাৰ আৱ্শ্যক? আমাৰ হজমি প্ৰক্ৰিয়াত পেলুৱে কেনেকৈ বাধা সৃষ্টি কৰে? পেলুৰ কণী কিমান সৰু? আটাইতকৈ সৰু কি বস্তুটোৰ বিষয়ে তুমি জানা? পানী পৰিস্কাৰ নে কেনেকৈ জানিব পাৰি? গছ –গছনি বাঢ়িবলৈ কি লাগে? গছক দিবলৈ সাৰ কেনেকৈ প্ৰস্তুত কৰে?

এটা টিপি টেপ বা এটা হাত ধোৱা স্থান বা এটা খালীঠাইৰ শব্দ পুৰণ খেলৰ, বা অন্য কোনো কথাৰ বিষয়ে অধিক নিদিষ্ট তথ্যৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

9

9. দুৰ্ঘটনা আৰু আঘাটৰ পৰা বচাই ৰখা। (Assamese, Accidents & Preventing Injuries)

  1. সৰু লৰা-ছোৱালীৰ কাৰণে ৰন্ধনশালা বিপদজনক ঠাই। সিঁহতক জুই আৰু চোকা অস্ত্ৰৰ পৰা আতঁৰাই ৰাখক।
  2. লৰা-ছোৱালীয়ে শ্বাস- প্ৰস্বাসত জুঁইৰ ধোঁৱা লোৱাৰ পৰা আতঁৰাই থকাটো বাঞ্চনীয়। ই জ্বৰ-কাঁহৰ সৃষ্টি কৰে।
  3. সকলো বিষাক্ত পদাৰ্থ লৰা ছোৱালীৰ পৰা আতঁৰত ৰাখিব লাগে। খালী পানীয়ৰ বটলত বিহ কেতিয়াও নাৰাখিব।
  4. যদি শিশুক জুয়ে পোৰে, যি পৰ্যন্ত বিষ নকমে পোৰা ঠাইত ঠাণ্ডা পানী ঢালিব।
  5. গাড়ী, চাইকেল আদিয়ে দৈনিক শিশুৰ মৃত্যু ঘটাই আৰু আঘাট প্ৰাপ্ত কৰে। সকলো প্ৰকাৰৰ গাড়ীৰ পৰা সাৱধান হব লাগে আৰু আনকো সাৱধান কৰি দিব লাগে।
  6. চুৰি কটাৰী, গ্লাচ, বৈদ্যুতিক প্লাগ, ওৱায়াৰ, গজাল, পিন ইত্যাদিৰ পৰা হব পৰা বিপদৰ পৰা লৰা-ছোৱালীক আঁতৰত ৰাখ।
  7. সৰু লৰা-ছোৱালীক লেতেৰা বস্তু খোৱা, সৰু বস্তু মুখত দিয়াত (পইচা, বুটাম আদি মুখত দিয়াত বাধা দিয়ক কাৰণ পেটলৈ গলে উশাহ লোৱাত বাধা প্ৰাপ্ত হব পাৰে।
  8. পানীৰ সমীপত খেলা ধুলা কৰাত বাধা দিয়ক কাৰণ কেনেবাকৈ পানীত পৰিব পাৰে।
  9. ঘৰ বা স্কুলৰ বাবে এটা ফাষ্ট এড কিট তৈয়াৰ কৰক (চাবোন, কেচি, কীটাণুনাশক আৰু প্ৰতিষেধক ক্ৰীম, কপাহ, থাৰ্মমিটাৰ, বেন্দেজ/প্লাষ্টাৰ আৰু অ’আৰএছ)।
  10. যেতিয়া লৰা-ছোৱালী নতুন ঠাইলৈ যায় সাৱধান হ’ব। সম্ভাৱনীয় বিপদৰ বিষয়ে সিঁহতক বুজাব।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

দুৰ্ঘটনা আৰু আঘাত: শিশুৱে কি কৰিব পাৰে ?

  • আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে আমাৰ নিজৰ দুৰ্ঘটনা আৰু আঘাটৰ বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • পোষ্টাৰ তৈয়াৰ কৰক বিহ কেনেকৈ সুৰক্ষিত ভাবে ৰাখিব পাৰি, লেবেল লগাই শিশুয়ে পোৱাৰ পৰা আঁতৰত ৰাখক।
  • এটা প্ৰাথমিক চিকিত্সাৰ বাকচ (ফাষ্ট এড বক্স) তৈয়াৰ কৰক যাতে কোনোৱে আঘাট পালে ব্যৱহাৰ কৰিব পাৰি।
  • পুতলা সাজক যিটো সৰু লৰা-ছোৱালীৰ খেলাৰ কাৰণে নিৰাপদ।
  • এডাল ৰচী আৰু এখন ভূঁৰ তৈয়াৰ কৰক যাতে জৰুৰী অৱ্স্থাত নদী বা হ্ৰদত ব্যৱহাৰ কৰিব পাৰি।
  • বিদ্যালয়ৰ বাবে এটা প্ৰাথমিক সাহাৰ্য্য কেন্দ্ৰ তৈয়াৰ কৰক।
  • শিশুৰ সুৰক্ষা সম্পৰ্কে সকলোৰে সচেতনতা সৃষ্টিৰ কাৰণে এটা অভিযান আৰম্ভ কৰক।
  • আমাৰ গাঁৱত ক’ত ক’ত দ-খাৱৈ আছে য’ত শিশু ডুবিব পাৰে তাৰ এটা জৰিপ চলাওক আৰু শিশুৰ সুৰক্ষাৰ কাৰণে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি চাওক।
  • দুৰ্ঘটনাৰ বিষয়ে ঘৰতে কিন্তু কিয়? (But Why?) খেলা খেলক।
  • আমাৰ ঘৰ বিলাক সুৰক্ষিত ৰাখিবলৈ উপায় চিন্তা কৰক আৰু পোষ্টাৰ, গীত, নাটকৰ মাধ্যমেৰে ভাৱ বিনিময় কৰক।
  • প্ৰাথমিক চিকিত্সা বাকচত বিদ্যালয় আৰু ঘৰৰ কাৰণে কি কি থকা উচিত এজন চিকিত্সা কৰ্মীৰ পৰা জানি লওক।
  • এখন পোষ্টাৰ বা নক্সাৰ দুৰ্ঘটনা সংঘটিত স্থান বিলাক চিহ্নিত কৰি দুৰ্ঘটনাৰ কাৰণ বিলাক নিৰ্ণয় কৰিব পাৰি নেকি চাওক।
  • ৰাষ্টাত লৰা-ছোৱালীৰ সুৰক্ষা সম্পৰ্কে এটা প্ৰচাৰ অভিযান আৰম্ভ কৰক।
  • আমি লৰা-ছোৱালীৰ যত্ন লওতে সচেতন ভূমিকা গ্ৰহণ কৰিব লাগে।
  • প্ৰাথমিক চিকিত্সাৰ প্ৰাৰম্ভিক জ্ঞান আহৰণ কৰক যাতে জৰুৰী অৱ্স্থাত ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াক পৰিয়াল আৰু বন্ধু সকলৰ লগত বিনিময় কৰক।
  • আমাৰ ঘৰৰ চৌহদত শিশুসকলৰ কিবা বিপদৰ কাৰণ আছে নেকি নক্সাৰে নিৰ্ধাৰণ কৰক।
  • সৰু লৰা-ছোৱালীৰ আঘাটৰ কাৰণ সম্পৰ্কে আমি যিখিনি জানো প্ৰাপ্ত বয়স্ক সকলৰ লগত বিনিময় কৰক।
  • এটি শিশুৱে ভয় খালে কি কৰিব লাগে শিকক আৰু পিতৃ-মাতৃ, ককা-আইতা আৰু ভাই–ভনী সকলক জনাওক।
  • সাধাৰণ বিপদ বিলাক য’ত পোৰা, পানীত ডুবা, ব্যস্ত পথ আদি নিৰ্ণয় কৰিবলৈ শিকক।
  • সোধক ঘৰত জুয়ে পোৰাৰ সম্ভাৱনা ক্’ত, কোনো এজনক যদি জুয়ে পোৰে কি কৰিম? পাক ঘৰত গৰম বস্তৰ পৰা লৰা-ছোৱালীক কেনেকৈ নিৰাপদে ৰাখিব পাৰি? আমাৰ গাঁৱত শিশু আৰু কিশোৰক বিপদজনক বস্তুৰ পৰা আঁতৰত ৰাখেনে? কেনেকৈ? শিশু আৰু কিশোৰ সকল ক্ষেত্ৰত ডাঙৰ লৰা-ছোৱালী বা জেষ্ঠ সকলতকৈ শ্বাস- প্ৰস্বাসৰ বিপদ বেচি? আমি বিপদত নপৰাকৈ কোনো এজন পানীত পৰিলে আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

এটা টিপ্পী টেপ বা এটা প্ৰাথমিক চিকিত্সা সামগ্ৰীৰ কিটত কি থাকিব লাগে বা এখন বিপদজনক স্থানৰ পোষ্টাৰৰ উদাহাৰণ কেনেকৈ তৈয়াৰ কৰা হয় তাৰ বিষয়ে বিষয়ে অধিক নিদিষ্ট তথ্যৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

10

10. এইচ আই ভি (‌HIV) আৰু এইডছ (AIDS) (Assamese, HIV & AIDS)

  1. আমাৰ শৰীৰটো ৰহস্যময়, প্ৰতিদিনেই আমি খোৱা, স্বাসপ্ৰস্বাসৰ লগত অহা বা শৰীৰৰ সংস্পৰ্শলৈ অহা বীজাণুবিলাকৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰে।
  2. এইচ আই ভি (‌HIV) এটা বীজাণু যাক ভাইৰাচ বুলি কোৱা হয়। এটা ভয়ানক ভাইৰাচ যি আমাৰ শৰীৰক অন্য বীজাণু প্ৰবেশত বাধা দি নিজে সুৰক্ষিত থাকে।
  3. বিজ্ঞানী সকলে এইচ আই ভি (‌HIV) মাৰাত্মক হোৱাৰপৰা বন্ধ কৰিবলৈ ঔষধ উদ্ভাৱন কৰিছে যদিও শৰীৰৰ পৰা সম্পূৰ্ণ নিৰ্মূল কৰিবৰ কোনো উপায় আৱিস্কাৰ হোৱা নাই।
  4. বিনা চিকিত্সাৰে থাকিলে এইচ আই ভি (‌HIV) থকা লোকৰ এইডছ(AIDS) বেমাৰ হয়। এইডছ(AIDS) গুৰুতৰ অসুক্গৰ এটা সমষ্টি যি শৰীৰটো দুৰ্ৱলৰ পৰা দুৰ্ৱলতৰ কৰি তোলে।
  5. এইচ আই ভি (‌HIV) তেজ আৰু শৰীৰৰ অন্য জুলীয়া পদাৰ্থত থাকে। এইচ আই ভি (‌HIV) সংক্ৰমন হয় (1) যৌন মিলন, (2) সংক্ৰমিত মাতৃৰ পৰা কেচুৱালৈ, (3) তেজ দান প্ৰক্ৰিয়াৰ যোগেদি।
  6. যৌন প্ৰক্ৰিয়াৰ যোগেদি এইচ আই ভি (‌HIV) সংক্ৰমন হোৱাৰ পৰা নিজকে বচাই ৰাখিবলৈ মানুহে (1) যৌন ক্ৰিয়াৰ পৰা বিৰত থাকে, (2) বিশ্বাসযোগ্য সম্বন্ধ স্থাপন, (3) সুৰক্ষিত যৌন সম্বন্ধ মানি চলে।
  7. আপুনি এইচ আই ভি (‌HIV)আৰু এইডছ(AIDS) সংক্ৰমিত লোকৰ লগত খেলিব পাৰে, আহাৰ গ্ৰহণ কৰা, হাতত ধৰা বা আলিংগন কৰিব পাৰে। এনে কৰিলে বীহাণু সংক্ৰমিত নহয়।
  8. এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সংক্ৰমিত লোক সকলে ভয়াৰ্ত বা দুখী অনুভৱ কৰে। তেওঁলোকে আমাৰ অনুকম্পা আৰু মৰম বিচাৰে। তেওঁলোকে নিজৰ দুখৰ বিষয়ে প্ৰকাশ কৰিবলৈ বিচাৰে।
  9. যি সকলে এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) আক্ৰান্ত বুলি ভাবে তেওঁলোকে নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
  10. প্ৰায় বিলাক দেশত এইচ আই ভি (‌HIV) মুক্ত মানুহে এন্টিৰীট্ৰ’ভাইৰেল থেৰাপী (Antiretroviral therapy (ART) নামৰ ঔষধ গ্ৰহণ কৰি সুদীৰ্ঘ জীৱন লাভ কৰিছে।

বিশেষজ্ঞ স্বাস্থ্য শিক্ষাবিদ আৰু চিকিত্সা বিশেষজ্ঞৰ দ্বাৰা স্বাস্থ্য বাৰ্তাসমূহৰ পুনৰীক্ষণ কৰা হৈছে, আৰু অ’আৰবি স্বাস্থ্য ৱেবচাইটত: www.health-orb.org ত উপলব্ধ।

বিষয়টোৰ সন্দৰ্ভত অধিক বুজিবলৈ আৰু অন্য সৈতে বাৰ্তা বিনিময় কৰিবলৈ শিশুৱে কৰিব পৰা কামৰ কিছু ধাৰণা ইয়াত দিয়া হৈছে।

এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS): শিশুৱে কি কৰিব পাৰে ?

  • আমাৰ নিজৰ ভাষাত নিজৰ কথাৰে এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS)বাৰ্তা তৈয়াৰ কৰক।
  • বাৰ্তা বিলাক মনত ৰাখক যাতে আমি কেতিয়াও পাহৰি নাযাও।
  • এই বাৰ্তাবিলাক অন্য শিশু আৰু আমাৰ পৰিয়ালবোৰৰ লগত বিনিময় কৰক।
  • এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সম্পৰ্কীয় প্ৰচাৰ পত্ৰ আৰু তথ্য সংগ্ৰহ কৰি জন সাধাৰণৰ লগত বিনিময় কৰক।
  • আমাৰ বিদ্যালয়লৈ এজন স্বাস্থ্য কৰ্মীক মাতি আনি এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সম্পৰ্কীয় আমাৰ প্ৰশ্নৰ উত্তৰ সংগ্ৰহ কৰক।
  • এইডছৰ দ্বাৰা প্ৰভাৱিত আমাৰ সমাজৰ কোনো শিশুক সহায় কৰাৰ উপায় বিচাৰি উলিওৱা।
  • ‘জীৱন ৰেখা’ (The Lifeline Game) খেলটো খেলক আৰু এইচ আই ভি (‌HIV) সংক্ৰমিত লোকৰ সংস্পৰ্শৰ পৰা কেনেকৈ সংক্ৰমণ হব পাৰে জানিবলৈ চেষ্টা কৰক।
  • ‘সচাঁ আৰু মিছা খেলা’ৰ (True or False Game) যোগেদি ইজনৰপৰা সিজনলৈ কেনেকৈ এইচ আই ভি (‌HIV) সংক্ৰমন হব পাৰে প্ৰদৰ্শন কৰক। শেষত প্ৰশ্ন অবতাৰণা কৰক।
  • বিশেষ বন্ধুত্ব আৰু যৌন অনুভৱ সম্পৰ্কীয়জীৱন শৈলীসম্পৰ্কে জ্ঞান আহৰণ কৰক।
  • ‘আশাৰ তৰী’ (Fleet of Hope Game) খেলৰ যোগেদি আমি কেনেকৈ এইচ আই ভি (‌HIV) যুক্ত বন্ধুৰ লগত নিৰাপদ ব্যৱহাৰ কৰিব পাৰিম নিৰ্ণয় কৰক।
  • এজন এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) ভূক্তভোগীয়ে সন্মূখীন হোৱা অসুবিধা বিলাকত আমি কেনেদৰে সহায় কৰিব পাৰো চিন্তা কৰক।
  • এইচ আই ভি (‌HIV) যুক্ত লোকৰ চৰিত্ৰ ৰূপায়ন কৰি এখন এইচ আই ভি (‌HIV) থকা লোকৰ অনুভৱ কেনেহব পাৰে অনুমান কৰক।
  • এইচ আই ভি (‌HIV) থকা লোক সকলে সন্মূখীন হোৱা সমস্যা বিলাকৰ বিষয়ে শুনক আৰু আলোচনা কৰক।
  • এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS)ৰ বিষয়ে এখন কুইজ প্ৰতিযোগীতা অনুস্থিত কৰিব।
  • শ্ৰেণীকোঠাত এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সম্পৰ্কীয় প্ৰশ্নৰ বাবে প্ৰশ্ন বাকচ আৰম্ভ কৰক।
  • বিদ্যালয়ত এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সম্পৰ্কে পোষ্টাৰ তৈয়াৰ কৰক।
  • মীনা নামৰ এজনী ছোৱালী বা ৰাজীৱ নামৰ এটা লৰাৰ বিষয়েআৰু তেওঁৰ মাতৃ যাৰ এইচ আই ভি (‌HIV) আছে- এখন নাটক লিখক আৰু কেনেকৈ মীনাই তেওঁৰ মাতৃক চিকিত্সালয়ত আৰ্ট ART লবলৈ যাবলৈ সন্মত কৰে দেখুৱাওক।
  • এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS) সজাগতা ক্লাৱ এটা আৰম্ভ কৰি আমাৰ বিদ্যালয় আৰু পৰিয়াল বিলাকৰ মাজত সজাগতা অনাৰ চেষ্টা কৰক।
  • সোধক আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীটোৱে কেনেকৈ কাম কৰে? কি আহাৰে আমাৰ ৰোগপ্ৰতিৰোধ ক্ষমতাৰ প্ৰক্ৰিয়াটো শক্তিশালী আৰু সক্ৰিয় কৰি ৰাখ? এইচ আই ভি (‌HIV) কি আৰু এইডছ(AIDS) কি ?এই আখৰ কৈটাই কি বুজায়? এজন লোকৰ এইচ আই ভি (‌HIV) আছে বুলি জানিব পাৰিলে কি হয়? কেনেকৈ ইজনৰ পৰা সিজনলৈ এইচ আই ভি (‌HIV) সংক্ৰমন হব পাৰে? কেনেকৈ বাধা দিব পাৰি? আমি ইয়াৰ পৰা কেনেকৈ নিজক বচাই ৰাখিব পাৰো? জনসাধাৰণক কেনেকৈ এইচ আই ভি (‌HIV) পৰীক্ষা কৰা হয় আৰু চিকিত্সা দিয়া হয়? ঔষধে কেনেকৈ মাকৰ পৰা শিশুলৈ এইচ আই ভি (‌HIV) সংক্ৰমনত বাধা দিয়ে? আৰ্ট ART য়ে কেনেকৈ কাম কৰে আৰু কেতিয়া ইয়াক ব্যৱহাৰ কৰিব লাগে? কেতিয়া আৰু কেনেকৈ আমাৰ বন্ধুত্বই যৌন সম্বন্ধলৈ পৰিবৰ্তন হয়? এজন লিকে কেনেকৈ নিৰোধৰ উপযুক্ত ব্যৱহাৰ কৰে? আমাৰ বন্ধু আৰু পৰিয়াল যি এইচ আই ভি (‌HIV) আৰু এইডছ (AIDS)ত ভুগি আছে সহায় কৰাৰ উত্তম পন্থা কি যাতে তেওঁলোকে স্বাস্থ্যৱান আৰু ভালকৈ বাস কৰিব পাৰে? ওচৰৰ চিকিত্সালয় ক’ত আছে য’ত এইচ আই ভি (‌HIV) আৰু এইডছ(AIDS)ৰ ৰোগী সকলক সহায় কৰে?

এটা জীৱনৰেখা খেল (The Lifeline Game) বা এটা আশাতৰী খেল (Fleet of Hope Game) বা এটা সচাঁ বা মিছাৰ খেলৰ (True or False Game) উদাহাৰণ কেনেকৈ তৈয়াৰ কৰা হয় তাৰ বিষয়ে অধিক নিদিষ্ট তথ্যৰ বাবে অনুগ্ৰহ কৰি www.childrenforhealth.org বা clare@childrenforhealth.org ৰ লগত যোগাযোগ কৰক।

If you are excited about what we do and like our content,
then join our Children for Health Community now and
get updates, news & free resources!
Join Now!

Follow Us

Privacy Policy

Donate to us while you shop via the Amazon Smile Programme!

The Amazon Smile logo.

© 2021 Children for Health Ltd, Registered Charity 1153028